হোজাইত উৎকোচ লৈ নিলম্বন আৰক্ষী বিষয়া, দালালক গ্ৰেপ্তাৰ




ৰজা হওক অথবা প্ৰজা, অসমত সকলোৰে বাবে অব্যাহত আছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি। মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণৰ পৰাই ড০ হিমন্ত বিশ্ব শৰ্মাই নাতিটোক আপোচহীনভাৱে কাৰ্যকৰী কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। শেহতীয়াকৈ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হৈছে হোজাই জিলাৰ ডবকা আৰক্ষী চকীত কর্মৰত সহকাৰী উপ–পৰিদর্শক হৰিকমল দাস৷ আৰক্ষী বিষয়াজনক হোজাইৰ আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে নিলম্বন কৰি ৰিজার্ভ ক্লজ কৰে৷ লগতে উৎকোচ দিয়া মিঠুন চক্রৱর্তীকো গ্রেপ্তাৰ কৰে।

উল্লেখ্য যে সহকাৰী উপ–পৰিদর্শক হৰিকমল দাসে উৎকোচ লোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ভিডিঅ'টোত হৰিকমল দাসে মিঠুন চক্রৱর্তী নামৰ এজন লোকৰ পৰা ২,০০০ টকা উৎকোচ লোৱাৰ দৃশ্য বন্দী হৈছে। ভিডিঅ'টো প্ৰায় দুমাহ পুৰণি। অৱশ্যে ভাইৰেল হোৱা অধিক দিন হোৱা নাই। এখন দুর্ঘটনাগ্রস্ত ই–ৰিক্সা মোকলাই দিয়াৰ বাবে ই–ৰিক্সাচালকজনে হৰিকমল দাসক দালাল মিঠুন চক্রৱর্তীৰ জৰিয়তে উৎকোচৰ ধনখিনি আদায় দিছিল। ভিডিঅ’টো উল্লেখ্য যে মিঠুন চক্রৱর্তীয়ে নিজে হৰিকমল দাসক ধন দিয়াৰ দৃশ্য ম’বাইল ফোনত বন্দী কৰিছিল৷ ভিডিঅ’টোৰ দ্বাৰা আৰক্ষীক ব্লেকমেইলিং কৰি বিভিন্ন গোচৰত নিজৰ স্বার্থ আদায় কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে৷

10 views0 comments