দৰঙত ড্ৰাগছ মাফিয়াৰ ভৰিলৈ গুলী আৰক্ষীৰ





বিতৰ্ক-সমালোচনাক একাষৰীয়া কৰি অসমত অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মতে, এয়া এনকাউণ্টাৰ নহয়, পুলিচৰ একচনহে। যোৱানিশা আৰক্ষীৰ এই একচন পৰিলক্ষিত হয় দৰং জিলাত। জিলাখনত এজন ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ গুলীত আহত হয়।


আৰক্ষী সূত্ৰই সংবাদমাধ্যমক জনোৱা অনুসৰি, ভৰিত গুলী লাগি আহত হয় ড্ৰাগছ সৰবৰাহকাৰী কুদ্দুছ আলী ।



কুদ্দুছক জিলাখনৰ ধুলা থানাৰ আৰক্ষীয়ে হীৰাপাৰাৰ পৰা শুকুকবাৰে আটক কৰে।ত নিশা ধনশিৰিঘাটত ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ যোৱা সময়তে কুদ্দুছে পলাবলৈ চেষ্টা চলায়। আৰক্ষীয়ে ভৰিলৈ গুলীয়াই সেই অপচেষ্টা ব্যৰ্থ কৰে। আহত কুদ্দুছক মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পিছত আদালতত হাজিৰ কৰা হয়।

2 views0 comments