বিদ্যালয়সমূহৰ দুৰ্বল আন্তঃগাঁঠনি, মোবাইলৰ গ্ৰাসত বহু কুমলীয়া ছাত্ৰ-ছাত্ৰী




শেহতীয়াকৈ 'স্বচ্ছতা পখৱাড়া' অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ নিৰ্দেশমৰ্মে যোৱা অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে কৰিমগঞ্জ জিলাৰ কেইখনমান শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিছে । অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্ত আৰু উপদেষ্টা দিব্যজ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে বিদ্যালয়সমূহত দেখা পোৱা শিক্ষক, বিদ্যুৎ আদি প্ৰয়োজনীয় আন্তঃগাঁঠনিৰ অভাৱ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা দিয়া মোবাইল আসক্তিয়ে আয়োগক উদ্বিগ্ন কৰি তুলিছে । বদৰপুৰ আই চি ডি এছ প্ৰকল্পৰ অধীনৰ এখন অংগনবাড়ি কেন্দ্ৰত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নথকা কথাটোৰ উপৰিও প্ৰাথমিক বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীবোৰৰ পাঠ্যপুথিৰ জ্ঞানৰ অভাৱ চকুত পৰে । পাথাৰকান্দিৰ এখন আদৰ্শ বিদ্যালয় পৰিদর্শনৰ সময়ত আয়োগক বিদ্যালয় কৰ্তৃপক্ষই জনায় যে কোভিডৰ বাবে অনলাইন পাঠদান ব্যৱস্থা ব্যৱহৃত হোৱাৰ ফলত বেছিভাগ ছাত্ৰ-ছাত্ৰী ভয়ংকৰভাৱে মোবাইলত আসক্ত হৈ পৰিছে । আয়োগে এই ক্ষেত্ৰত অভিভাৱকৰ সৈতে আলোচনা কৰিবলৈ আৰু বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ সমস্যাবোৰ জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে । কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত শিক্ষকৰ অভাৱত নৱম শ্ৰেণীৰ পাঠদান নোহোৱা কথাটো পৰিদৰ্শন কালত ধৰা পৰে । ইয়াৰ বাবে অতি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগে নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও বিদ্যালয় তথা অংগনবাড়ি কেন্দ্ৰবোৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আয়োগে নিৰ্দেশ দিয়ে ।

2 views0 comments