বিজিআৰৰ ক্ষমতা বাঢ়িব, বিটিচিত অইল ৰিজাৰ্ভাৰৰ ভূমি চালে মন্ত্ৰী তেলীয়ে




বিটিচিৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ'ব। বৰ্তমান আইঅ'চিৰ অধীনত থকা শোধনাগাৰটো দেশৰ অন্যান্য শোধনাগাৰৰ তুলনাত তেনেই সৰু। সেয়ে ইয়াৰ পৰিধি বৃদ্ধিৰ বাবে ১০০০ বিঘা ভূমিৰ আৱশ্যক হৈছে। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে ভূমি সন্দৰ্ভত বিটিচিপ্ৰধান প্ৰমোদ বড়ো, চিৰাঙৰ উপায়ুক্ত আৰু আইঅ'চিৰ মাজত আলোচনা হৈছে। শীঘ্ৰেই আৱশ্যকীয় পৰিমাণৰ ভূমিখিনি পোৱা যাব বুলি মন্ত্ৰী তেলীয়ে আশা প্ৰকাশ কৰে

আনহাতে, বিটিচিত এটা অইল ৰিজাৰ্ভাৰো নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব। তাৰ বাবে মন্ত্ৰী তেলীয়ে নিজেই জিলাখনৰ ডাংতলত ভূমি পৰিদৰ্শনৰ বাবে যায়। ৰিজাৰ্ভাৰৰ বাবে এশ বিঘা ভূমিৰ আৱশ্যক। মন্ত্ৰীগৰাকীয়ে বিটিচিত মিনি ফুড পাৰ্ক এটা স্থাপনৰ বাবে ভূমি বিচাৰিছে। সাংবাদিকৰ আগত তেওঁ কয় যে খাদ্য সংসাধন মন্ত্ৰী হৈ থাকোঁতে তেওঁ বিটিচিত মিনি ফুড পাৰ্ক স্থাপনৰ প্ৰস্তাৱ দিছিল। কিন্তু ইয়াৰ বাবে ভূমি আবণ্টিত হোৱা নাই।

6 views0 comments