প্ৰাক-নিৰ্বাচনী সমীক্ষা : উত্তৰপ্ৰদেশত আসন কমিলেও শাসন থাকিব বিজেপিৰেই




আসনৰ সংখ্যা কমিলেও উত্তৰপ্ৰদেশত শাসন নেহেৰুৱায় বিজেপি নেতৃত্বাধীন এনডিএ-এ। শেহতীয়াকৈ সম্পন্ন প্ৰাক-নিৰ্বাচনী সমীক্ষাই ইয়াকে ক'ব বিচাৰিছে। সেই অনুসৰি দেশৰ বৃহত্তম ৰাজ্যখনত পুনৰ ক্ষমতালৈ ঘূৰি আহিব যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰখন। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে

কৃষক আন্দোলন, দামবৃদ্ধি আদিৰ বাবে সমাগত বিধানসভা নিৰ্বাচনটো যোগী নেতৃত্বাধীন চৰকাৰখনৰ কঠিন প্ৰত্যাহ্বান হ'ব বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছিল। বিশেষকৈ অলপতে কেইখনমান ৰাজ্যক সমাপ্ত হোৱা উপ-নিৰ্বাচন বিজেপিৰ বাবে আশাপ্ৰদ নাছিল। কিন্তু প্ৰাক-নিৰ্বাচনী সমীক্ষাক উত্তৰপ্ৰদেশৰ জনগণৰ মনোবাঞ্ছাক বিজেপিৰ অনুকুলে দেখা গৈছে।


এবিপি-চি ভোটাৰৰ শেহতীয়া সমীক্ষা অনুসৰি, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৩১২খন আসন লাভ কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এইবাৰ ২১২ৰ পৰা ২২৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ প্ৰায় এশখন আসন কমিব। অৱশ্যে চৰকাৰ গঠনৰ বাবে ৪০৩খন আসনবিশিষ্ট উত্তৰপ্ৰদেশ বিধানসভাত ২০২জন এমএলএ থাকিলেই যথেষ্ট। ইয়াৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে পূৰ্বৰ তুলনাত ভাল প্ৰদৰ্শন কৰিলেও চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যা অৰ্জনত ব্যৰ্থ হ'ব বুলি সমীক্ষাটোৱে কয়। সমীক্ষা অনুসৰি, এইবাৰ অখিলেশ সিং যাদৱৰ সমাজবাদী পাৰ্টীয়ে ১৫১ৰ পৰা ১৬৩খন আসন পৰ্যন্ত লাভ কৰিব পাৰে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনটোত সমাজবাদী পাৰ্টীৰ আসনৰ সংখ্যা আছিল ৪৭খন। ইফালে, এইবাৰো কংগ্ৰেছৰ দুৰ্গতিৰ অৱসান ঘটাৰ সম্ভাৱনা প্ৰাক-নিৰ্বাচনী সমীক্ষাত প্ৰতিফলিত নহ'ল। দলটোৱে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নেতৃত্বত নিৰ্বাচনী সমৰত নামিলেও সমীক্ষা অনুসৰি, কংগ্ৰেছে ২ৰ পৰা ১০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। ২০১৭ত কংগ্ৰেছে মাত্ৰ ৭খন আসন লাভ কৰিছিল। আনহাতে, উত্তৰপ্ৰদেশত বহুজন সমাজ পাৰ্টীৰ বেলি মাৰ যোৱাৰ সম্ভাৱনা গা কৰি উঠিছে। জাত-পাতৰ ৰাজনীতিত ওস্তাদ মায়াৱতীৰ দলটোৱে ১২ৰ পৰা ২৪খন আসন পাব পাৰে। অৰ্থাৎ মায়াৱতী আৰু এবাৰ ক্ষমতাৰ পৰা আঁতৰত থাকিবলগীয়া হ'ব পাৰে।


ইফালে, সমীক্ষাক মানি ল'ব বিচৰা নাই উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁৰ মতে, এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৩৫০তকৈ অধিক আসন লাভ কৰিব। অখিলেশ সিং যাদৱেও এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে।

5 views0 comments