প্ৰি-পেইডৰ দাম বৃদ্ধি : এয়াৰটেলৰ পিছত এইবাৰ গ্ৰাহকৰ জেপৰ ধন আঁজুৰিব ভোডাফোন আইডিয়াই





এয়াৰটেলৰ পিছত এইবাৰ গ্ৰাহকৰ জেপৰ পৰা অধিক ধন সৰকোৱাৰ ফন্দি পাতিছে ভোডাফোন আইডিয়াই। প্ৰতিষ্ঠানটোৱে সকলো প্ৰি-পেইড সেৱাৰ দাম বৃদ্ধি কৰিছে। অহা ২৫ নৱেম্বৰৰ পৰা ভোডাফোন আইডিয়াৰ সকলো প্ৰ-পেইড প্লেনৰ দাম বাঢ়িব। ইয়াৰ পূৰ্বে এয়াৰটেলে ২৬ নৱেম্বৰৰ পৰা সকলো প্ৰ-পেইড সেৱাৰ দাম বৃদ্ধি ঘটাব বুলি ঘোষণা কৰিছিল।


নতুন নিৰিখ অনুসৰি ভোডাফোন আইডিয়াৰ সবাতকৈ সস্তীয়া প্লেনটো ৭৯ টকাৰ পৰা ৯৯ টকালৈ বৃদ্ধি পাব। অৰ্থাৎ ২০ টকা বৃদ্ধি হ'ব।







সেইদৰে ১৪৯ টকীয়া প্লেনৰ দাম ৩০ টকা বৃদ্ধি কৰা হৈছে। ২৪৯ টকীয়া প্লেনটো ২৯৯ টকা, ২৯৯ টকীয়া প্লেনৰ দান ৩৫৯ টকা, ৩৯৯ টকীয়া প্লেনৰ দাম ৪৭৯ টকা, ৪৪৯ টকীয়া প্লেনৰ নতুন দাম ৫৩৯ টকা হ'ব।

আনহাতে, ৩৭৯ টকীয়া প্লেনৰ দাম ৪৫৯ টকা, ৫৯৯ টকীয়া প্লেনৰ দাম৭১৯ টকা, ৬৯৯ টকীয়া প্লেনৰ দাম ৮৩৯ টকা হ'ব।


অনুৰূপ ধৰণে এয়াৰটেলেও গ্ৰাহকৰ পৰা অতিৰিক্ত দাম ল'ব।

8 views0 comments