প্ৰেছ এমব্লেম কেম্পেইন বঁটা, ২০২১ : বঁটাপ্ৰাপক সাংবাদিক নৱ ঠাকুৰীয়া




সাংবাদিক নৱ ঠাকুৰীয়ালৈ আগবঢ়োৱা হৈছে ২০২১ চনৰ প্ৰেছ এমব্লেম কেম্পেইন বঁটা । দক্ষিণ এছিয়াৰ দেশ ভাৰতত মিডিয়াৰ লোকসকলৰ অধিকাৰক সুৰক্ষিত কৰিবলৈ আৰু এক অনুকৰণীয় দৃঢ়তাৰে প্ৰেছৰ স্বাধীনতাক ৰক্ষা কৰিবলৈ তেওঁ কৰা কঠোৰ প্ৰচেষ্টাৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হয় । উল্লেখযোগ্য যে যোৱাবছৰত ভাৰতত ১৫ গৰাকী সাংবাদিকক হত্যা কৰা হৈছিল আৰু এই বছৰত ২১ গৰাকী সাংবাদিকক হত্যা কৰা হৈছে । এই বঁটাটোৱে সেই ৩০০ গৰাকী সাংবাদিকলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব খোজে, যিসকল নিহত হৈছিল কোভিডে দেশখনলৈ নমাই অহা প্ৰবল দুৰ্যোগৰ ফলত । জন্মসুত্ৰে নলবাৰী জিলাৰ ভোজকুছি গাঁৱৰ ঠাকুৰীয়া দেৱক ক'ভিডৰ বাবে আজি ভাৰ্চুৱেলযোগে এই বঁটা আগবঢ়োৱা হব । উল্লেখযোগ্য যে নৱ ঠাকুৰীয়া এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় সাংবাদিক । বঁটাটোৰ সম্পৰ্কত নিজৰ অনুভৱ ব্যক্ত কৰি সাংবাদিকগৰাকীয়ে কয় যে এয়া তেওঁৰ বাবে এক বৃহৎ সন্মান আৰু তেওঁৰ কামকাজবোৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত ই এক উৎসাহৰ জন্ম দিছে ।

1 view0 comments