তিনি বিতৰ্কিত কৃষি প্ৰত্যাহাৰৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ, অৱশেষত জয়ী কৃষক





দেশজুৰি অবিৰতভাৱে চলি থকা কৃষক আন্দোলনৰ জয় হ'ল। কেন্দ্ৰীয় চৰকাৰে তিনিওখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত শ শ লোকৰ মৃত্যু হোৱা তথা প্ৰায় দুবছৰ হ'বলৈ ওলোৱা কৃষক আন্দোলন প্ৰত্যাহাৰৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিল।




প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। ক্ষুদ্ৰ কৃষকসকলৰ ভিতৰত বাবে কাম কৰি আহিছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ৩খন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। লগতে প্ৰতিবাদকাৰী কৃষকসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনায়। উল্লেখ্য যে আহিবলগীয়া সংসদৰ অধিৱেশনত প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া চলোৱা হ’ব। মোদীয়ে কয় যে কৃষক সকলৰ কথা বুজি পাইছে। অধিক পৰিশ্ৰম কৰি জনতাৰ সপোন‌ পুৰণি কৰিবলৈ কাম কৰি যাব।


উল্লেখ্য যে চৰকাৰ নিজৰ স্থিতিত অটল থকাৰ বিপৰীতে প্ৰতিবাদী কৃষকসকলো দৃঢ়চেতা হৈ থকা কৃষক আন্দোলনটো অধিক দীঘলীয়া হ'ব ধাৰণা কৰা হৈছিল। বিশেষকৈ দিল্লীত অৱস্থান কৰি থকা কৃষকৰ আন্দোলন অধিক দিন চলিব বুলি ভবা হৈছিল। যি নহওঁক, অৱশেষত শ শ লোকৰ চৰম ত্যাগেৰে সমৃদ্ধ কৃষক আন্দোলনটোৰ আশাব্যঞ্জক সমাপ্তি ঘটাৰ সম্ভাৱনা তীব্ৰতৰ হৈ পৰিল।

3 views0 comments