প্ৰধানমন্ত্ৰী মোদীক অসমৰ প্ৰগতিৰ খতিয়ান দিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই




অসমত ৰূপায়িত হৈ থকা উন্নয়নমূলক আঁচনিৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মঙলবাৰে সন্ধিয়া ফলপ্ৰসু বৈঠক এখনত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ সন্ধিয়া ৭.১৫ বজাত ৭ লোককল্যাণ মার্গস্থিত প্রধানমন্ত্রী মোদীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমত নিৰ্মীয়মাণ এইমছখন মুকলিৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়।


বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে মই প্রধানমন্ত্রী মোদীক ৰাজ্যৰ শেহতীয়া পৰিৱেশ বিশেষকৈ ক’ভিড প্রতিষেধক প্রদানৰ বিষয়ে বিশদভাৱে জনাওঁ৷ নৱেম্বৰ মাহত আমি এশ শতাংশ প্রথম ড’জ ভেকচিন সম্পূর্ণ কৰিম৷ এই কথাও প্রধানমন্ত্রী মোদীক অৱগত কৰিছোঁ৷ তদুপৰি বিশ্ব বেংকে অসমক লৈ যি এটা মিডিয়াম টার্ম ডেভেলপমেণ্ট পার্টনাৰ ল’ব খুজিছে, সেই আলোচনাৰ অগ্রগতিৰ বিষয়েও মই তেওঁক জনাওঁ৷ লগতে নামৰূপৰ সাৰ কাৰখানা–ডিগবৈ শোধনাগাৰৰ সক্ষমতা বৃদ্ধি, কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ, তেজপুৰ আৰু নগাঁৱৰ মাজত ব্রহ্মপুত্রৰ তলেৰে সুৰংগৰ কামৰ অগ্রগতি আদি বিভিন্ন প্রকল্পক লৈ যিখিনি কথা চলি আছে, সেই সম্পর্কেও মই প্রধানমন্ত্রী মোদীক অৱগত কৰিছোঁ৷


ড০ শৰ্মাই কয় যে ‘মিছন বসুন্ধৰা’ আৰু ‘প্রজেক্ট সদ্ভাৱনা’ৰ সম্পর্কেও প্ৰধানমন্ত্ৰীক অৱগত কৰা হৈছে৷ আনহাতে, তেওঁ কয় যে অহা বছৰ এইমছৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ লগে লগে উদ্বোধন কৰিবলৈ যাতে প্রধানমন্ত্রী মোদী অসমলৈ আহে, তাৰ বাবেও তেওঁক আগতীয়াকৈ নিমন্ত্রণ জনাইছোঁ৷ মুখ্যমন্ত্রী শর্মাই দাবী কৰা মতে, অসমত ৰূপায়িত প্রকল্পসমূহক লৈ কেন্দ্রৰ সৈতে যোগাযোগ কৰা প্রতিটো ক্ষেত্রতে ৰাজ্য চৰকাৰে সফলতা লাভ কৰিছে৷ এই প্রসংগত সাংবাদিকে কৰা প্রশ্নৰ বিপৰীতে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ– আমি নামৰূপ সাৰ কাৰখানাই হওক, হিন্দুস্তান পেপাৰ কর্প’ৰেচনেই হওক বা নুমলীগড় শোধনাগাৰেই হওক গোটেইবিলাকতে আমি কেন্দ্রৰ লগত যিমান যোগাযোগ কৰি আছোঁ, সকলোতে সফলতা লাভ কৰিছোঁ৷

3 views0 comments