ভাৰতে উদ্ধাৰ কৰা পাকিস্তানী শিক্ষাৰ্থীৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা





ইউক্ৰেইন-ৰাছিয়াৰ সংঘৰ্ষত চৰম নিৰাপত্তাহীনতাত পৰা ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰক প্ৰধান বিষয় হিচাপে লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰলস প্ৰয়াসৰ যুদ্ধবিধস্ত দেশখনত অপাৰেচন গংগা প্ৰায় শেষৰ দিশে। ইউক্ৰেইনত বেছি শিক্ষাৰ্থী আবদ্ধ হৈ থকা নাই। যিকেইজন শিক্ষাৰ্থী তাত আবদ্ধ হৈ আছে তেওঁলোককো শীঘ্ৰে উদ্ধাৰ কৰিব পৰা যাব বুলি চৰকাৰ আশাবাদী। ইয়াৰ মাজতে ভাৰতে মানৱীয়তা আৰু উদাৰতা দেখুৱাই পাকিস্তান, নেপাল আৰু বাংলাদেশৰ শিক্ষাৰ্থীকো নিৰাপদে উদ্ধাৰ কৰিছে। তেনে এগৰাকী পাকিস্তানী ছাত্ৰী হৈছে- আছমা ছফিক। ছাত্ৰীগৰাকী এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁক পশ্চিম ইউক্ৰেইনৰ পৰা ভাৰতীয় কৰ্তৃপক্ষই সহায়ত উদ্ধাৰ কৰে।


ছাত্ৰীগৰাকীয়ে কয়, ‘মোক স্থানান্তৰ কৰাৰ বাবে মই কিয়েভৰ ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সমৰ্থনৰ বাবে আপোনাক বহুত ধন্যবাদ৷’ উল্লেখ্য যে ইউক্ৰেইনত আবদ্ধ পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীয়ে পাকিস্তানৰ দূতাবাসক স্থানান্তৰৰ দাবী জনাইছিল। কিন্তু গুৰুত্ব নিদিলে। বহু পাকিস্তানী ছাত্ৰই ভাৰতৰ জাতীয় পতাকা লগত লৈ যুদ্ধবিধস্ত দেশখনৰ পৰা নিজকে সুৰক্ষিত কৰি সীমান্তৱৰ্তী ৰাষ্ট্ৰলৈ যাবলগীয়া হৈছে। সোমবাৰে পাকিস্তানী ছাত্ৰী মিছা আৰ্শাদে পাকিস্তানী দূতাবাসৰ আচৰণক তীব্ৰ সমালোচনা তৰি কয় যে খাৰকিভৰ পৰা পাকিস্তানী ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰ কৰাৰ বাবে পাকিস্তান চৰকাৰ আৰু সংশ্লিষ্ট দূতাৱাসে কোনো গুৰুত্ব নিদিলে।


উল্লেখ্য যে ভাৰতীয় দূতাৱাসে বাছৰ জৰিয়তে টাৰ্নোপিল চহৰলৈ উদ্ধাৰ কৰে শিক্ষাৰ্থীক৷ ভাৰতীয় শিক্ষাৰ্থীৰে ভৰ্তি বাছখনত একমাত্ৰ পাকিস্তানী আছিলোঁ বুলি মিছা আৰ্শাদে প্ৰকাশ কৰিছিল। ইউক্ৰেইনত আবদ্ধ হৈ থকা নেপালৰ লোকসকলকো উদ্ধাৰত সহায় কৰে ভাৰতে।


নেপালী ছাত্ৰ ৰোশন ঝাক ভাৰত চৰকাৰে খাৰকিভৰ পৰা স্থানান্তৰিত কৰিছিল। কাঠমাণ্ডু পোষ্টৰ সৈতে বাৰ্তালাপ কৰি ঝাই কয় যে তেওঁৰ বহুতো ভাৰতীয় বন্ধু আছে যিয়ে তেওঁক যথেষ্ট সহায় কৰিছিল। ‘অপাৰেচন গংগা’ৰ বিষয়ে জনাৰ পাছত তেওঁ ব্যক্তিগতভাৱে পোলেণ্ডৰ ভাৰতীয় দূতাবাসৰ জৰিয়তে স্থানান্তৰকাৰী দলটোক তেওঁক অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিছিল। ‘মোক স্থানান্তৰ কৰাৰ বাবে মই ভাৰত চৰকাৰৰ ওচৰত অত্যন্ত কৃতজ্ঞ’ বুলি ঝাই কয়৷ লগতে অভিযোগ কৰে যে নেপালে ইউক্ৰেইনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা নাই৷

7 views0 comments