আজি প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব ভূপালৰ ৰাণী কমলাপতি ৰেলৱে ষ্টেচনৰ উদ্বোধন





প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যাত্ৰাৰ আগতেই ভূপালৰ 'হবিবগঞ্জ ৰেলৱে ষ্টেচন'ৰ নাম সলাই 'ৰাণী কমলাপতি ৰেলৱে ষ্টেচন' কৰি দিয়া হৈছে । এই পুনৰ্নিৰ্মিত ষ্টেচনটো আজি ১৫ নৱেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা উদ্বোধন কৰা হ'ব । এই ষ্টেচনটো দেশৰ প্ৰথমটো গোলকীয় পৰ্যায়ৰ মডেল ষ্টেচন য'ত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত থকা সকলো প্ৰকাৰৰ সুবিধা উপলব্ধ থাকিব । ইয়াক সাৰ্বজনিক-ব্যক্তিগত অংশীদাৰীত্বৰ দ্বাৰা বিকশিত কৰা হৈছে আৰু এক ব্যক্তিগত খণ্ডৰ কোম্পানীৰ দ্বাৰা ইয়াক নিৰ্মাণ কৰা হৈছে । প্ৰায় ৪৫০ কোটি টকাৰ এই ষ্টেচন প্ৰজেক্টটোৰ অধীনত যাত্ৰীসকলৰ ভিৰক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে বেলেগ বেলেগ দুৱাৰৰ ব্যৱস্থা কৰা হৈছে । প্লেটফৰ্মত প্ৰৱেশ কৰাৰ বাবে এছকেলেটৰ আৰু লিফ্টৰ ব্যৱস্থাৰ লগতে ৭০০-ৰ পৰা ১১০০ জন যাত্ৰী বহিব পৰাকৈ মুকলি ক'নকোৰ্ছৰ ব্যৱস্থা কৰা হৈছে । ট্ৰেইনবোৰৰ গতিবিধিৰ নিয়মিত সূচনা দিয়াৰ বাবে গোটেই ষ্টেচনত বিভিন্ন ভাষাত ডিছপ্লে' বোৰ্ড লগোৱা হৈছে । ষ্টেচনত অন্য সুবিধাবোৰৰ লগতে ফুড কোর্ট, শীত-তাপ নিয়ন্ত্ৰিত অপেক্ষা গৃহ, ছাত্ৰাবাস, ভি আই পি লঞ্জ আদিও থাকিব । গোন্দ সমাজৰ গৌৰৱ তথা শেষ হিন্দু ৰাণী কমলাপতিৰ নামেৰে এই ষ্টেচনটো নামাকৰণ কৰাৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে মধ্যপ্ৰদেশৰ ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ এই নামাকৰণৰ অনুমতি বিচাৰি পত্ৰ লিখিছিল । তাৰেই আধাৰত এই ষ্টেচনৰ নতুনকৈ নামাকৰণ হয় । পত্ৰত লিখা হৈছিল যে এই নামাকৰণ কাৰ্যও কেন্দ্ৰই ঘোষণা কৰা '১৫ নৱেম্বৰ, জনজাতীয় গৌৰৱ দিৱস' অনুসৰি কৰা হওঁক, যিটো ঘোষণা আদিবাসী নেতা আৰু স্বতন্ত্ৰতা সংগ্ৰামী বিৰসা মুণ্ডাৰ স্মৃতিত কৰা হৈছিল ।

4 views0 comments