প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব ঔষধবিজ্ঞান বিভাগৰ প্ৰথমখন গোলকীয় উদ্ভাৱন সন্মিলন





প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ওলোৱা এখন প্ৰেছ ৰিলিজ মতে আজি ১৮ নৱেম্বৰৰ দিনা আবেলি ৪ বজাত ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঔষধ বিজ্ঞান বিভাগৰ প্ৰথমখন গোলকীয় উদ্ভাৱন সন্মিলন মুকলি কৰিব । ভাৰতত ঔষধ বিজ্ঞান উদ্যোগত এক সমৃদ্ধ উদ্ভাৱনী পৰিবেশ গঢ়ি তোলাৰ বাবে এয়া হৈছে এক স্বতন্ত্ৰ উদ্যোগ যাৰ বিষয়ে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰৰ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় হিতাধিকাৰীসকলৰ উপৰিও উদ্যোগ, বিনিয়োগকাৰী, গৱেষক আদিক একত্ৰিত কৰাৰ লক্ষ্য ৰখা হৈছে । বৃহৎমাত্ৰাত প্ৰতিশ্ৰুতিসম্পন্ন ভাৰতৰ ঔষধ উদ্যোগত থকা সুযোগ-সুবিধাবোৰকো এই সন্মিলনে পোহৰলৈ আনিব । দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া সন্মিলনখন ১২ টা পৰ্বত অনুষ্ঠিত হ'ব আৰু ৪০ জনতকৈও অধিক দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বক্তাই বিভিন্ন বিষয়ৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰিব । সন্মিলনত ঘৰুৱা আৰু গোলকীয় ঔষধ উদ্যোগবোৰৰ বিভিন্ন সদস্যৰ লগতে বিষয়ববীয়া, বিনিয়োগকাৰী আৰু মাচ্ছাছুচেটছ ইনষ্টিটিউট অফ টেকনলজি, জন হপকিন্স ইনষ্টিটিউট আৰু আই আই এম আহমেদাবাদ আদিৰ দৰে দেশৰ বহুতো আগশাৰীৰ শিক্ষানুষ্ঠানবোৰৰ পৰা বিভিন্ন গৱেষকে অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াইও এই সন্মিলনত অংশ লব ।

1 view0 comments