কামৰ সঠিক মজুৰি নিৰ্ণয় ভাৰতত নিবনুৱাতকৈ গভীৰ সমস্যা




বিগত মাহটোত দেশৰ কেইবাস্থানত বিক্ষোভ প্ৰদৰ্শন কৰা যুৱক-যুৱতীসকল আছিল ৰে’ল নিযুক্তি ব’ৰ্ডৰ অ-কাৰিকৰী শাখাত নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী তথা চাকৰিপ্ৰাৰ্থী।৩৫ হাজাৰ খালী পদত নিযুক্তিৰ বাবে হোৱা পৰীক্ষাটোৰ বাবে ১.২৫ কোটি লোকে আবেদন জনাইছিল। অৱশ্যে কম সময়ৰ ভিতৰতে চৰকাৰী আশ্বাসত প্ৰতিবাদী কাৰ্যসূচী স্থগিত হয়। কিন্তু সমগ্ৰ বিষয়টোৱে দেশখনৰ নিবনুৱা সমস্যাৰ কৰুণ ছবি এখন প্ৰতিফলিত কৰিছে। ১.২৫ কোটি সংখ্যাটো সাধাৰণ সংখ্যা নহয়। তদুপৰি, দেশখনৰ প্ৰতিগৰাকী নিবনুৱাই উল্লিখিত পদকেইটাৰ বাবে আবেদনো কৰা নাছিল। ইয়াৰ পৰা দেশখনত নিবনুৱা সমস্যাই কি ৰূপ পৰিগ্ৰহ কৰিছে, তাৰ অনুমান কৰিব পাৰি। সংখ্যাটো দেশখনৰ ২০-২৫ বছৰ বয়সৰ মুঠ জনসংখ্যাৰ ১০ শতাংশ। যুৱ শক্তিৰ দেশ হিচাপে অভিহিত ভাৰতত কেইটামান সাধাৰণ পদৰ বাবে কোটিৰ ওপৰত নিবনুৱাৰ আবেদন আৰু বিক্ষোভ চিন্তাৰ বিষয়।

পিএলএফএছৰ তথ্য অনুসৰি, ২০১০-২০ বৰ্ষত ভাৰতত ১৮-২৫ বছৰৰ মাজত নিবনুৱাৰ হাৰ আছিল ২৪.৫ শতাংশ। বাস্তৱত এই হাৰ বহু অধিক বুলি কোৱা হয়। সমগ্ৰ বিশ্বৰ ক্ষেত্ৰতো এই হাৰ সৰ্বাধিক। তদুপৰি, শ্ৰমৰ অংশীদাৰিত্বটোতো এই বয়সৰ সমাজখনৰ অংশগ্ৰহণ প্ৰায় ৪০ শতাংশহে। ইয়াৰ অৰ্থ হ’ল, দেশৰ প্ৰতি দহজনৰ এজন নিবনুৱা। কিন্তু এইটো বাস্তৱ নহয়। বাস্তৱত ইয়াৰ অন্য এখন ছবিও আছে। আচলতে দেশত নিবনুৱা সমস্যাটোক প্ৰকৃতাৰ্থত তুলি ধৰিব পৰাকৈ আজিলৈকে চৰকাৰে বিজ্ঞানসন্মত প্ৰয়াস চলোৱাই নাই।

আমাৰ দেশখনত নিবনুৱাৰ তুলনাত সমস্যাটো হৈ মানুহৰ হাতত সঠিক কাম তুলি দিব নোৱাৰাটো। আজি দেশখন প্ৰগতিৰ পথত। এই কথাটোত বিৰোধী পক্ষও একমত। কিন্তু প্ৰতি ব্যক্তি আয়ৰ পৰিমাণ বৃদ্ধি পোৱা সত্ত্বেও আমাৰ দেশখনৰ এক তৃতীয়াংশ লোক গৰিব। সেই গৰিবসকলে ২৪ ঘণ্টাত কমেও এসাঁজ নিশ্চয় খাইছে। ইয়াৰ বাবে তেওঁলোকে কাম কৰিবলগীয়া হৈছে। ভিক্ষাবৃত্তিৰে সকলোৱে চলিব নোৱাৰে। অৰ্থাৎ নিবনুৱাৰ সংখ্যাটো কোৱাতকৈ কম। ৰিক্সা, ঠেলা চলাই, সাধাৰণ গুমটি দোকান দি বা দিন হাজিৰা কৰি সংসাৰ চলোৱা লোকসকল নিবনুৱা নহয়। তেওঁলোকে নিজৰ নিজৰ পৰিয়ালক ভৰণ-পোষণ দি আছে। পেটৰ তাগিদাত নোৱাৰে। তেওঁলোকে যিকোনো কাম কৰিব লাগে। তাৰ বাবে সাজুও। তদুপৰি, পাৰিশ্ৰমিকৰ ক্ষেত্ৰতো তেওঁলোক আপোচ কৰিবলৈ বাধ্য। আৰু এটা কথা, আমাৰ দেশখনত নিবনুৱা হৈ থকাটো এটা সামাজিক কলংক। সমাজে তেনে লোকক ভাল দৃষ্টিৰে নাচায়। সমাজত নিজৰ প্ৰাসংগিকতা জীয়াই ৰখাৰ স্বাৰ্থত বহু লোকে কাম কৰিবলৈ বাধ্য হয়।

নিবনুৱাৰ ক্ষেত্ৰত আমাৰ দেশখনৰ আচল সমস্যাটো হৈছে চাকৰি। চাকৰি নকৰাজনক নিবনুৱা বুলি ধৰি লোৱা হয়। যিটোৱে সমাজৰ দৰিদ্ৰ শ্ৰেণীটোৰ স্বাৰ্থত আঘাত হানি আহিছে। আজি তাৰিখত সমীক্ষাৰ বাবে আমাৰ দেশখনত বহু বিজ্ঞানসন্মত উপায়-আহিলা আছে। ইয়াৰ জৰিয়তে দেশখনত প্ৰকৃতাৰ্থত নিবনুৱা কিমান, সেই উলিয়াবলৈ বেছি অসুবিধা নহয়। লগতে যিসকলে বিভিন্ন ধৰণে কাম-কাজ কৰি নিজৰ লগতে পৰিয়ালকো পোহ-পাল দি আহিছে, সেই সকলৰো তথ্য চৰকাৰৰ ওচৰত দাঙি ধৰিব পাৰে। তেতিয়াহে দেশখনত কোনে কি কাম কৰি কি স্তৰত জীয়াই আছে, সেইটো নিৰ্ণয় কৰিব পৰা যাব। সেই অনুসৰি জীৱন-ধাৰণৰ মান উন্নতকৰণত চৰকাৰী আঁচনি গ্ৰহণ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে দেশখনৰ আৰ্থিক দুৰ্দশাগ্ৰস্ত লোকৰ ছবিখনেই সলনি কৰিব পাৰি। কিন্তু সকলোকে নিবনুৱাৰ শাৰীত তুলি লৈ হাড়ভঙা কষ্ট কৰি কোনোমতে সংসাৰ চলাই থকাসকলক চৰকাৰী সুদৃষ্টিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। ভাৰতত নিবনুৱাতকৈ গভীৰ সমস্যা মানুহক কামৰ বিপৰীতে ন্যূনতম মজুৰি নিশ্চিত কৰাটো। ইয়ে মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। ক্ষুদ্ৰ ব্যৱসায়ীক সুলভ ঋণৰ ব্যৱস্থা কৰি ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি ঘটোৱাত সহায় কৰাটো অধিক দৰকাৰী। ঠেলা-ৰিক্সা চলাই সংসাৰ চলাই থকাসকলক নিবনুৱাৰ শাৰী নধৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত কি কৰিব পাৰি, সেই নীতি প্ৰস্তুত কৰাটো জৰুৰী। লগতে জৰুৰী পেটৰ তাগিদাত পুৱাই হাতত দা বা কুঠাৰখন লৈ ওলাই যোৱা লোকসকলৰ তথ্য সংগ্ৰহ কৰা আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা। তেওঁলোক নিবনুৱা নহয়। তেওঁলোকে কাম কৰে। কিন্তু কাম অনুপাতে পাৰিশ্ৰমিক নাপায়। অৱশ্যে এইটোও সঁচা যে ভাৰতত নিবনুৱাৰ সংখ্যা চিন্তাজনক। কিন্তু বা্স্তৱ অলপ বেলেগ।

4 views0 comments