কৰোনাকেন্দ্ৰিক কঠোৰ নিয়মৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে ইউৰোপত : বাঢ়িছে সংক্ৰমণ




কৰোনাৰ নতুন লহৰে দুৱাৰত টোকৰ মৰা ইউৰোপত ভাইৰাছটোৰ সংক্ৰমণ ৰোধৰ বাবে বলৱৎ হোৱা কঠোৰ নিয়মৰ বিৰোধিতা তীব্ৰতৰ হৈছে। শান্তিৰ দেশ নেদাৰলেণ্ডত পথৰ ওপৰত জুই জ্বলাই প্ৰতিবাদ কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে আৰক্ষীকো আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত ৭জন লোক আহত হয়। দৰাচলতে কৰোনাৰ এপিচেণ্টাৰত পৰিণত হোৱাত ইউৰোপীয় দেশসমূহে লকডাউন, দুয়ো পালি ভেকচিন বাধ্যতামূলকৰ দৰে কঠোৰ নিয়ম আৰোপ কৰিছে। ভেকচিন নোলোৱা লোকৰ ওপৰত কঠোৰ বাধা-নিষেধ আৰোপ কৰা হৈছে।


জাৰ্মানীসহ বহু দেশত ভেকচিন লোকে প্ৰতিদিনে কৰোনা পৰীক্ষা কৰেৱাব লগা হৈছে। অনেক দেশত ভেকচিন নোলোৱা লোকৰ ৰাজহুৱা জীৱন সীমিত কৰি দিয়া হৈছে। বাহিৰলৈ ওলোৱাত বহু ক্ষেত্ৰত চৰকাৰী নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। জাৰ্মানীৰ স্বাস্থ্যমন্ত্ৰীয়ে বৰ্তমানৰ পৰিস্থিতিক ৰাষ্ট্ৰীয় জৰুৰীকালীন সময় বুলি আখ্যা দিছে।


অষ্ট্ৰিয়া ভেকচিন বাধ্যতামূলক কৰা ইউৰোপৰ প্ৰথম দেশ হৈ পৰিছে। তাত সোমবাৰৰ পৰা লকডাউন চলি আছে। ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ লোক ভীয়েনাত সমৱেত হৈছে। দেশখনৰ এক তৃতীয়াংশ লোকে ভেকচিন লোৱা নাই।

7 views0 comments