খেলুৱৈ ছোৱাইব আখটাৰলৈ পিটিভিৰ পৰা ১০০ মিলিয়ন টকাৰ মানহানিৰ ন'টিছ





পাকিস্তান দূৰদৰ্শন সংস্থা (পিটিভি)-ৰ তৰফৰ পৰা সোমবাৰে খেলুৱৈ ছোৱাইব আখটাৰলৈ এখন ১০০ মিলিয়ন টকাৰ মানহানিৰ ন'টিছ প্ৰেৰণ কৰা হয় । এক দূৰদৰ্শন প্ৰগ্ৰেমত সাংবাদিক ডঃ নাওমান নিয়াজৰ সৈতে হোৱা এক অসন্মানজনক ঘটনাৰ বাবে পিটিভিৰ পৰা পদত্যাগ কৰা খেলুৱৈগৰাকীয়ে এই নটিছখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ সাংঘাতিকধৰণে অসন্তুষ্ট আৰু তেওঁৰ উকীলে এই ক্ষেত্ৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব । দৰাচলতে সেই দূৰদৰ্শন প্ৰগ্ৰেমটোৰ আঁত ধৰোতা সাংবাদিক নিয়াজে খেলুৱৈগৰাকীক কঠোৰ আৰু অভাৰস্মাৰ্ট বুলি অপমান কৰিছিল আৰু তেওঁক ওলাই যাবলৈ কৈছিল । ছাৰ ভিভিয়ান ৰিচাৰ্ডছ আৰু ডেভিদ গোৱাৰৰ দৰে ক্ৰিকেটৰ বিশ্বখ্যাত প্ৰতিভাবোৰৰ সন্মুখত এইদৰে ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীক অপমান কৰা হৈছিল । তাৰ পিছতেই খেলুৱৈগৰাকীয়ে পিটিভিৰ ক্ৰিকেট বিশ্লেষকৰ পদৰ পৰা পদত্যাগ কৰিছিল । ইফালে মিডিয়া সংস্থাৰ মতে আখটাৰৰ এই পদত্যাগে চুক্তিৰ উলংঘন কৰাৰ লগতে ইয়াৰ ফলত সংস্থাটো বৃহৎ মাত্ৰাত বিত্তীয় লোকচানৰ সন্মুখীন হৈছে । যোৱা ২৬ অক্টোবৰ তাৰিখে আখটাৰে পদত্যাগ কৰিছিল । এই ক্ষতিপূৰণৰ উপৰিও পিটিভিয়ে আখটাৰৰ পৰা ৩৩,৩৩,০০০ টকা বিচাৰিছে যিটো সংস্থাটোলৈ তিনিমাহৰ দৰমহা । জানিব পৰামতে আখটাৰৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ পিটিভিৰ হাতত অধিকাৰ আছে । উল্লেখযোগ্য যে সেই অপমানৰ ঘটনাৰ পিছতে সাংবাদিক নিয়াজে আখটাৰক ক্ষমা বিচাৰিছে । আখটাৰক 'ৰকষ্টাৰ' আখ্যা দি তেওঁ কয় যে আখটাৰৰ প্ৰতি তেওঁৰ অভদ্ৰ ব্যৱহাৰৰ বাবে তেওঁ ক্ষমা বিচাৰিছে ।

8 views0 comments