অসম আৰক্ষীত ২৪৫০টা পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ : আজিয়েই কৰক আবেদন




নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত এক লাখ লোকৰ বাবে চৰকাৰী চাকৰীৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে কেইবাসহস্ৰ লোকক চাকৰিত মকৰল কৰা হৈছে। শেহতীয়াকৈ আৰক্ষীত নিযুক্তিৰ বাবে চৰকাৰে প্ৰকাশ কৰিছে বিজ্ঞাপন। অসম আৰক্ষীৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি, নিযুক্তি হ'বলগীয়া পদৰ সংখ্যা ২৪৫০টা। অসম আৰক্ষীৰ ৱেবছাইট police.assam.gov.inত বিতং তথ্য দিয়া হৈছে।



নিযুক্তিৰ জাননীত কনিষ্টবল এ.বি., পুৰুষ আৰু ট্ৰেন্সজেণ্ডাৰ, মহিলা আৰু নাৰ্ছিং পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। পদসমূহৰ বাবে আবেদন কৰিবলৈ ২০২১ চনৰ ১ জানুৱাৰী প্ৰাৰ্থীসকলৰ বয়স নিম্নতম ১৮ বছৰ আৰু সৰ্বাধিক ২১ বছৰ বয়স, হ'ব লাগিব। অৱশ্যে, নিয়ম অনুসৰি, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে ঊৰ্দ্ধতম বয়সৰ সীমা ৫ বছৰলৈকে শিথিল কৰা হৈছে। অ'বিচি প্ৰাৰ্থীৰ বাবে এই সংখ্যা ৩ বছৰ।



মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰা অনুসৰি, নতুনকৈ গঠন হ'বলগীয়া অসম কমাণ্ডো বেটেলিয়নৰ বাবে বিভিন্ন খালী পদ পূৰণৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। পদটোৰ বাবে দৰমহাৰ স্কেল হৈছে ১৪,০০০-৬০,৫০০ টকা। আবেদন পত্ৰ পূৰণ কৰোঁতে প্ৰাৰ্থীসকলৰ বাবে কোনো আবেদন মাচুল ভৰিব নালাগে। আবেদনৰ তাৰিখ: ১৩ ডিচেম্বৰ ২০২১ৰ পৰা ১২ জানুৱাৰী ২০২২ তাৰিখলৈ।


পদকেইটাত আবেদনৰ বাবে police.assam.gov.inলৈ Career and Recruitment tabত ক্লিক কৰিব লাগিব। তাৰ পিছত অসম কমাণ্ডো বেটেলিয়নৰ বাবে কনিষ্টবল AB (পুৰুষ আৰু ট্ৰেন্সজেণ্ডাৰ - ২২২০, মহিলা - ১৮০ আৰু নাৰ্চিং - ৫০)ৰ ২৪৫০ টা পদৰ বিজ্ঞাপন নিয়োগত ক্লিক কৰিব। । লগে লগে এখন নতুন উইণ্ডো খোল খাব। তাত প্ৰাৰ্থীসকলে প্ৰথমে পঞ্জীয়ন কৰিব লাগে। আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। পঞ্জীয়নৰ পিছত আবেদন পত্ৰ পূৰণ কৰিব লাগে।


নাম পঞ্জীয়নত প্ৰাৰ্থীসকলে নিজৰ ই-মেইল ঠিকনা আৰু ম'বাইল ফোনৰ নম্বৰৰ দিব লাগিব। আবেদন পত্কখন সাৱধানতাৰে পূৰণ কৰক। এই নিযুক্তিৰ বাবে শাৰীৰিক দক্ষতা পৰীক্ষা আৰু শাৰীৰিক মানক পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকল প্ৰাৰ্থীয়ে পি.এছ.টি. আৰু পি.ই.টি. উত্তীৰ্ণ হয়, তেওঁলোকেও চাইক'মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। প্ৰাৰ্থীসকলক পদসমূহৰ বাবে আবেদন কৰাৰ আগতে বিতং চৰকাৰী অধিসূচনাৰ মাজেৰে যাবলৈ পৰামৰ্শ দিয়া হ'ল।

0 views0 comments