পুনিত নমন : বেংগলৰত প্ৰয়াত অভিনেতা পুনিত ৰাজকুমাৰলৈ শ্ৰদ্ধাঞ্জলি




কৰ্ণাটক চৰকাৰ আৰু কানাডা চলচ্চিত্ৰ জগতৰ বহু গণমান্য ব্যক্তিৰ উদ্যোগত আয়োজিত কৰা হয় 'পুনিত নমন' অনুষ্ঠান ।কিছুদিন পূৰ্ৱে মৃত্যুক আঁকোৱালি লোৱা বিখ্যাত চলচ্চিত্ৰ অভিনেতা পুনিত ৰাজকুমাৰক সন্মান জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হয় । বেংগলৰৰ পেলেচ গ্ৰাউণ্ডত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । কে এফ চি চিৰ দ্বাৰা আয়োজিত আৰু চণ্ডলৱুড ফিল্ম এক্টৰছ এণ্ড টেকনিছিয়ানছ এছ'চিয়েছনৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোক সকলো প্ৰখ্যাত দূৰদৰ্শন চেনেলৰ দ্বাৰা লাইভ টেলিকাষ্ট কৰা হয় । অনুষ্ঠানত উপস্থিত থকা গণমান্য লোকসকলৰ ভিতৰত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বসভৰাজ বম্মাইয়ো উপস্থিত থাকে । মুখ্যমন্ত্ৰী বম্মাইয়ে প্ৰয়াত অভিনেতাগৰাকীলৈ 'কৰ্ণাটক ৰত্ন' শীৰ্ষক সন্মান আগবঢ়ায় । উল্লেখযোগ্য যে 'কৰ্ণাটক ৰত্ন' হৈছে ৰাজ্যখনৰ শ্ৰেষ্ঠতম নাগৰিক সন্মান । পুনিত ৰাজকুমাৰ হৈছে এই সন্মান লাভ কৰা দ্বিতীয়গৰাকী অভিনেতা । ইয়াৰ পূৰ্বে ১৯৯২ চনত তেওঁৰ দেউতাক ডঃ ৰাজকুমাৰক এই সন্মান প্ৰদান কৰা হৈছিল । আপ্পু অথবা পাৱাৰষ্টাৰ ৰূপে পৰিচিত পুনিত ৰাজকুমাৰে প্ৰায় ২০ টাকৈ বছৰধৰি কানাডা ছবিজগতৰ এক অন্যতম অভিনেতা হিচাপে কাম কৰিছিল । এক আকস্মিক হৃদজনিত ৰোগৰ ফলত যোৱা ২৯ অক্টোবৰত অভিনেতাগৰাকীৰ দেহাৱসান ঘটে । তেওঁৰ মৃত্যুই কানাডা ছবিজগতৰ উপৰিও সমগ্ৰ ভাৰততে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । আজি দেশৰ আন আন চলচ্চিত্ৰ উদ্যোগবোৰত কাম কৰি থকা পুনিতৰ সতীৰ্থ আৰু শুভাকাংখী লোকেৰে 'পুনিত নমন' অনুষ্ঠান ভৰি পৰে ।

5 views0 comments