সমাজৰ কাৰনে আজীৱন উদাহৰণ হৈ ৰব গুৰু তেগ বাহাদুৰ







ভাৰতীয় ইতিহাসত, গুৰু শ্ৰী তেগ বাহাদুৰৰ ব্যক্তিত্ব এক উজ্জ্বল নক্ষত্ৰ । গুৰু তেগ বাহাদুৰজীৰ জন্ম এনে এক পৰিয়ালত হৈছিল যিয়ে মধ্য এছিয়াৰ মোগলসকলক প্ৰত্যাহ্বান জনাইছিল , যিয়ে সেইসময়ত ভাৰতীয় ভূখণ্ডৰ বিস্তীৰ্ণ অঞ্চল দখল কৰিছিল। তেওঁ দৃঢ়তা ত্যাগৰ প্ৰতীক আৰু তেওঁৰ জীৱন শাৰীৰিক আৰু মানসিক বীৰত্বৰ আছিল এক জলন্ত তথা আশ্চৰ্যকৰ উদাহৰণ।


উল্লেখযোগ্য যে ঔৰঙ্গজেৱৰ সেনাই গুৰুজীক তেওঁৰ তিনিজন শিষ্যৰ সৈতে বন্দী কৰি দিল্লীলৈ লৈ গৈছিল। তেওঁলোকক কৰা হৈছিল অমানৱীয় অত্যাচাৰৰ, হেঁচা দিয়া হৈছিল ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ। লগতে কেতবোৰ লোভনীয় প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু, গুৰুজীয়ে ধৰ্মৰ পথত দৃঢ়তাৰে থিয় দিছিল। তেওঁৰ এই কাৰ্যত ক্ষুব্ধ হৈ মোগলসকলে গুৰুজীক তেওঁৰ শিষ্যৰ লগত কৰা অমানৱীয় অত্যাচাৰ চাবলৈ বাধ্য কৰাইছিল।


গুৰুজীৰ শিষ্যসকলক দিল্লীৰ চান্দনী চকত কৰা হৈছিল বৰ্বৰ অত্যাচাৰ। ভাই মাটি দাসক কৰটেৰে ফালি পেলোৱা হৈছিল, ভাই দিয়ালাক উতলা তেলত পেলাই দিয়া হৈছিল আৰু ভাই সতী দাসক কপাহৰ স্তূপত বান্ধি জ্বলাই দিয়া হৈছিল।তাৰ পিছত ও গুৰু টেগ বাহাদুৰে পৰিবৰ্তন কৰা নাছিল নিজৰ ধৰ্ম । মোগলসকলে ভাবিছিল যে গুৰুজীয়ে শিষ্যসকলৰ সৈতে কৰা আচৰণৰ দ্বাৰা ভয় খাব। কিন্তু, গুৰুজীয়ে বীৰত্ব, নিস্বাৰ্থতা আৰু ত্যাগৰ পথ দেখুৱাইছিল।


যি সময়ত মানৱজাতিয়ে পৰিৱৰ্তনৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে এনে সময়ত গুৰুজীৰ পৱিত্ৰ স্মৃতিয়ে আমাক তেওঁৰ পথ অনুসৰণ কৰিবলৈ আৰু এখন নতুন ভাৰত গঢ়ি তুলিবলৈ যথেষ্ট প্ৰেৰণা দিব।



1 view0 comments