বৰ্ষাবিধ্বস্ত অন্ধ্ৰপ্ৰদেশৰ ৪ জিলাত ৪৪ৰ মৃত্যু, ১৬জন নিখোজ





অন্ধ্ৰপ্ৰদেশৰ চাৰিখন জিলাত এসপ্তাহে হৈ থকা প্ৰবল বৃষ্টিপাতত ৪৪গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নিখোজ হৈ ১৬গৰাকী লোক৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনৰ কাসাপা, চিত্তুৰ, অনন্তপুৰ আৰু নেলোড়ৰ ১৯৯০খন গাঁৱত বৃষ্টিপাতে বিপৰ্যয়ৰ সৃষ্টি কৰিছে। নেৰানেপেৰা বৰষুণত ওফন্দি উঠা নৈৰ বাঢ়নী পানীয়ে জিলাকেইখনৰ বাট-পথৰ বিস্তৰ ক্ষতি কৰাৰ ক্ষতিগ্ৰস্ত হৈছে যান-বাহনো।



১৬-১৭ নৱেম্বৰক আৰম্ভ হোৱা প্ৰবল বৃষ্টিপাত ৰাজ্যখনৰ ইতিহাসতে প্ৰথম বুলি চৰকাৰে প্ৰকাশ কৰিছে৷ প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰা বানত নাডালুৰু দলঙৰ পৰা পথ পৰিবহণ নিগমৰ এখন বাছ উটি যোৱাত ১০ গৰাকী লোকৰ মৃত্যু হয়। বাকী যাত্ৰীক SDRF-এ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷


ইফালে, বৰ্ষা-বানত ক্ষতিগ্ৰস্ত ঘৰৰ পুনঃনিৰ্মাণৰ বাবে প্ৰতিটো পৰিয়ালক ১ লাখ ৮০ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ লগতে, বানত যিসমূহ পৰিয়ালৰ পশুধনৰ মৃত্যু হৈছে, তেওঁলোককো ৰাজ্য চৰকাৰে ৯৫,০০০ টকাকৈ এককালীন সাহায্য দিব।

5 views0 comments