এইবাৰ প্ৰৱঞ্চনাৰ গোচৰ : ৰাজ কুন্দ্ৰা-শিল্পা ছেট্টীক জেৰা কৰিব ৱান্দ্ৰা আৰক্ষীয়ে



পৰ্ণগ্ৰাফীৰে ধন ঘটা কুখ্যাত ক'লা বেপাৰী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে প্ৰৱঞ্চনাৰ গোচৰ। গোচৰটোত সাঙোৰ খাইছে তেওঁৰ পত্নী তথা বলীউডৰ বিখ্যাত অভিনেত্ৰী শিল্পা চেট্টীৰো নাম। মুম্বাইৰ বান্দ্ৰা থানাত দুয়োৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি)নং ধাৰাত গোচৰটো ৰুজু হৈছে।


জানিব পৰা মতে, নীতিন বৰাই নামৰ এজন লোকে শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি ৱান্দ্ৰা থানাত এজাহাৰখন দাখিল কৰে।এজাহাৰ মতে, কুন্দ্ৰা দম্পতীয়ে প্ৰৱঞ্চনাৰে ১.৫১ কোটি টকা সৰকাইছে। নীতিনে কয় যে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই ২০১৪-২০১৫ বৰ্ষত এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল। আৰক্ষীয়ে বিষয়টোত তদন্ত আৰম্ভ কৰিছে। গোচৰটোত জেৰাৰ সন্মুখীন হ’ব ৰাজ-শিল্পা।

8 views0 comments