নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত কৰোনাৰ ত্ৰাস, অধ্যক্ষ-৫ শিক্ষাৰ্থী পজিটিভ




নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰাবাসত প্ৰৱেশ কৰিছে কৰোনা ভাইৰাছে। শিক্ষানুষ্ঠানখনৰ ৫জন শিক্ষাৰ্থী কৰোনা পজিটিভ হৈছে। তদুপৰি অধ্যক্ষ দিলীপ বৰাও কৰোনা পজিটিভ হৈছে। ইয়াকে লৈ জুনিয়ৰ কলেজখনত অধ্যয়নৰত শিক্ষাৰ্থী আৰু অভিভাৱক দুশ্চিন্তাগ্ৰস্ত হৈ পৰিছে।



ক'ভিড আক্ৰান্ত পাঁচজন ছাত্ৰক শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে, অধ্যক্ষ বৰাক শিক্ষানুষ্ঠানখনৰ ওপৰত থকা নিজা আৱাসতে 'আইচ'লেশ্যন'ত থকাৰ ব্যৱস্হা কৰা হৈছে ।

6 views0 comments