কন্টেইনমেণ্ট জ'ন ঘোষিত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়







অধ্যক্ষ আৰু ১০জন শিক্ষাৰ্থী কৰোনা পজিটিভ হোৱাত নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনে ১৫ দিনৰ বাবে শিক্ষানুষ্ঠানখনক কণ্টেইনমেণ্ট জ'ন ঘোষিত কৰিছে।


লগতে মহাবিদ্যালয়খনৰ পিকেবি নাৰ্ছিং হোম পথৰ ওচৰৰ ব্লক ২ বি ছাত্ৰাবাসকো জিলা প্ৰশাসনে কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে অধ্যক্ষ দিলীপ বৰা আৰু শিক্ষানুষ্ঠানখনৰ ১০জন ছাত্ৰ ক'ভিডত আক্ৰান্ত হৈছে। সেই পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে জুনিয়ৰ কলেজখন কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।

4 views0 comments