বৈবাহিক সম্পৰ্কৰ আঁৰ লৈ ধৰ্ষণ : ফৌজদাৰী অপৰাধৰ তালিকাভুক্তকৰণৰ দাবী উঠিল আদালতত



পত্নীৰ সন্মতি অবিহনে অথবা ইচ্ছাৰ বিৰুদ্ধে শাৰিৰীক সম্পৰ্কক বিশ্বৰ বহু দেশত ধৰ্ষণ হিচাপে গণ্য কৰা হয়। ভাৰততো ইয়াক ফৌজদাৰী অপৰাধৰ তালিকাত অন্তৰ্ভুক্তকৰণৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ত তেনে এটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। গোচৰটোৰ অহা সোমবাৰে উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। গোচৰটোত আবেদনকাৰীয়ে বৈবাহিক সম্পর্কত ধর্ষণক নাৰীৰ বিৰুদ্ধে যৌন নির্যাতনৰ সবাতকৈ ডাঙৰ অপৰাধ বুলি গণ্য কৰিবলৈ আদালতক আবেদন জনাইছে।

আবেদনকাৰীয়ে বৈবাহিক ধর্ষণক ফৌজদাৰী অপৰাধৰ তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে। আবেদনকাৰী খুচবু ছৈফীৰ অধিবক্তা কলিনে কয়, ‘এইটো সম্ভৱতঃ মহিলাৰ বিৰুদ্ধে সবাতকৈ ডাভৰ যৌন নির্যাতন। এনে ঘটনা ঘৰৰ চাৰিবেৰৰ মাজত ঘটে। ইয়াক লৈ এজাহাৰ দাখিল নহয়। কোনোৱে জানিব নোৱাৰে।’

অধিবক্তাগৰাকীয়ে আবেদনকাৰী খুচবুৰ ঘটনাটো উল্লেখ কৰে। তেওঁ কয়- সাতাইশ বছৰীয়া খুচবুক তেওঁৰ স্বামীয়ে ধর্ষণ কৰে। ঘটনাত খুচবু গুৰুতৰভাৱে আহয় হয়।‘বহু ক্ষেত্রত বৈবাহিক সম্পর্কত ঘটা ধর্ষণত মহিলাক আৰক্ষী অথবা তেওঁলোকৰ পৰিয়ালৰ সদস্য কোনোৱে সহায় নকৰে। আৰক্ষিক অভিযোগ দিবলৈ গ’লে অৰক্ষীয়ে তাক হাঁহি উৰুৱাই দিয়ে। প্ৰশ্ন কৰে, স্বামীৰ বিৰুদ্ধে আপুনি এজাহাৰ দিব?’

আনহাতে, আদালতত প্ৰশ্নৰ সময়ত অধিবক্তা কলিনে বৈবাহিক সম্পর্কত ধর্ষণৰ বিৰুদ্ধে নানা আন্তর্জাতিক ৰায়ৰ কথা উল্লেখ কৰে। তেওঁ কয়, ব্রিটেইনত হাউছ অৱ লর্ডছৰ ৰায়ে পৰুণি আই সলাই দিছিল। হাউছ অৱ লর্ডছৰ ৰায়ত কোৱা হৈছিল যে বৈবাহিক সম্পর্কত মহিলাৰ সম্মতি নাথাকিলে স্বামীৰ বিৰুদ্ধে ধর্ষণ বা ধর্ষণৰ চেষ্টাৰ অভিযোগ ৰুজু কৰা যাব। নেপালৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ সংসদক বৈবাহিক সম্পর্কত ধর্ষণৰ আইনী সমাধানৰ অৰ্থে আইনত প্রয়োজনীয় সংশোধন কৰাৰ নির্দেশ দিছিল। কলিনৰ বক্তব্য, ‘‘নেপালৰ আদালতে যদি কোনো আইন ভুল বুলি ব্যাখ্যা কৰি তাৰ সংশোধনৰ বাবে সংসদক নিৰ্দেশ দিব পাৰে, ভাৰতত কিয় নোৱাৰি? সোমবাৰে পুনৰ শুনানি হ’ব।

উল্লেখ্য যে ভাৰতত বহু পূৰ্বৰে পৰা বৈবাহিক সম্পর্কৰ আঁৰ লৈ ঘটা ধৰ্ষণক ফৌজদাৰী অপৰাধৰ স্বীকৃতি দিয়াৰ দাবী ুত্থাপন হৈ আহিছে। ২০১৬ চনত তদানীন্তন মহিলা আৰু শিশু কল্যাণ মন্ত্রী মানেকা গাঁধীয়ে কয় যে আর্থ-সামাজিক কাৰণে বৈবাহিক ধর্ষণৰ ধাৰণা ভাৰতত প্রয়োগ কৰা সম্ভৱ নহয়।

6 views0 comments