বিৰল মহাজাগতিক পৰিঘটনা : ছশ বছৰ পিছত আজি সৰ্বাধিক দীঘলীয়া চন্দ্রগ্ৰহণ





আজি অৰ্থাৎ ১৯ নৱেম্বৰ শুকুৰবাৰে বিশ্ববাসী সাক্ষী হৈ ৰ'ব শতিকাৰ আটাইতকৈ দীঘল চন্দ্ৰগ্ৰহণৰ। আৰম্ভণিৰ পৰা শেয়লৈ ইয়াৰ সময় হ'ব ৩ ঘণ্টা ২৮ মিনিট ২৩ ছেকেণ্ড। এই তথ্য নাছাৰ। সেই অনুসৰি, সুদীৰ্ঘ প্ৰায় ৬ শতিকাৰ পিছত পৃথিৱীবাসীৰ বাবে আহিছে এই বিৰল মহাজাগতিক পৰিঘটনা। অসমৰ সকলো অংশৰ পৰা চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ'ব। কিছু মুহূৰ্তৰ বাবে শদিয়াৰ পৰা চন্দ্ৰগ্ৰহণৰ দৃশ্য দেখিবলৈ পোৱা যাব। অৰুণাচলৰ ৰয়িঙৰ পৰাও কিছু সময় দৃশ্যমান হ'ব।



গ্ৰহণ লগাৰ সময়ত ধূসৰ আৰু ৰঙা ৰঙেৰে আলোকিত হ’ব চন্দ্ৰ। এই সময়ছোৱাত চন্দ্ৰপৃষ্ঠৰ প্ৰায় ৯৭ শতাংশ ঢাকি ধৰিব পৃথিৱীৰ ছাঁয়ে। সুদীৰ্ঘ ৫৮০ বছৰ পিছত হব এই বিৰল মহাজাগতিক পৰিঘটনা। শুকুৰবাৰে দুপৰীয়া ১২-৪৮ বজাত আৰম্ভ হ’ব এই গ্ৰহণ। আনহাত গ্ৰহণৰ পৰিসমাপ্তি ঘটিব বিয়লি ৪-১৭ বজাত।


পূব এছিয়া, উত্তৰ ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত পৰিলক্ষিত হ’ব এই চন্দ্ৰগ্ৰহণ। অৱশ্যে গ্ৰহণৰ সময়ত চন্দ্ৰটো দিগন্তৰেখাৰ তলত অৱস্থান কৰাৰ বাবে গুৱাহাটীৰ লগতে অসমৰ অধিকাংশ অঞ্চল তথা ভাৰতৰ অন্য প্ৰান্তৰ পৰা গ্ৰহণ দেখা পোৱা নাযাব। অৱশ্যে উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত শদিয়া আৰু অৰুণাচল প্ৰদেশৰ ৰয়িং আদি অঞ্চলৰ পৰা চন্দ্ৰোদয়ৰ মুহূৰ্ততে কিছুসময়ৰ বাবে পূব দিগন্তত দৃশ্যমান এই চন্দ্ৰগ্ৰহণ।

5 views0 comments