নাগিনীজান বাগিচাত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ : এজনক আটক




মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত শনিবাৰে নিশা সংঘটিত হৈছে এটা শিহৰণকাৰী ঘটনা। নিজ গৃহৰ কোঠাৰ ভিতৰত কণমানি কন্যাসহ উদ্ধাৰ হৈছে মাতৃৰ মৃতদেহ। দুয়ো বাগিচাখনৰ প্ৰীতিল এক্কা নামৰ লোকজনৰ পত্নী সুনীতা এক্কা আৰু তিনি বছৰীয়া কন্যা। মৃতদেহ দুটা আৰক্ষীয়ে কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।



আনহাতে, মৃতদেহ উদ্ধাৰ হোৱা কোঠাটোৰ সামগ্ৰী লণ্ডভণ্ড হৈ আছিল। লগতে বেৰ এখন ভগা অৱস্থাত প্ৰত্যক্ষ হৈছে। ঘটনাটোৰ সত্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে সুনীতাৰ স্বামী প্ৰীতিল এক্কাক আটক কৰিছে।তদুপৰি মৃতদেহ দুটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰিছে আৰক্ষীয়ে।

3 views0 comments