দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বজাৰলৈ আহিল ডায়েবেটিছ ৰোগীৰ বাবে বিশেষভাৱে উপযোগী চাউল ‘লাৱন্য’





ভাৰতত ডায়েবেটিছ দ্ৰুতগতিত বিয়পি পৰা ৰোগ হৈ পৰিছে। আমাৰ জীৱনশৈলী আৰু আহাৰ হৈছে এই ৰোগ বিয়পাৰ আটাইতকৈ ডাঙৰ কাৰণ। যিহেতু ডায়েবেটিছ হৈছে এক জীৱনজোৰা ৰোগ, এই ৰোগত আক্ৰান্ত ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ, ৰোগীয়ে এনে আহাৰ গ্ৰহণ কৰিব লাগে যি কেৱল তেওঁৰ পেট ভৰ্তি কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে। অসমকে ধৰি বহু ৰাজ্যৰে বাসিন্দাসকলৰ প্ৰধান খাদ্য হৈছে ভাত ।এই ভাতত প্ৰচুৰ পৰিমানে কাৰ্বহাইড্ৰেট পোৱা যায় । সেয়েহে ভাতৰ পৰা মধুমেহ বা ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰো ভয় থাকে । কিন্তু সুখৰ খবৰ যে এতিয়া এই চিন্তাৰ অৱসান ঘটিব । উল্লেখযোগ্য যে , শেহতীয়াকৈ বৈজ্ঞানিক সকলে এনে ধানৰ এনে জাত অসমত উদ্ভাৱন কৰি উলিয়াইছে যিটো মধুমেহ ৰোগীৰ বাবেও বিশেষভাৱে উপযোগী ।ইতিমধ্যে অসমৰ ৰাইজৰ উদ্দেশ্যে বজাৰলৈ এৰি দিছে লাৱণ্য নামৰ এইবিধ বিশেষ চাউল । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে নিজা ব্ৰেণ্ডত প্ৰস্তুত কৰা তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰিছে এই বিশেষ ধানবিধ । এই বিশেষ কলা চাউলবিধ মুকলি কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই । মধুমেহ ৰোগীৰে জৰ্জৰিত অসমত এই চাউলবিধে নিশ্বয়কৈ অসমৰ কৃষিক্ষেত্ৰত এক নতুন ধাৰাৰ সৃষ্টি কৰিব। অধিক সুস্বাদু আৰু পৌষ্টিক বুলি গৱেষণাত প্ৰমাণিত হোৱা ক’লা চাউলে অনাগত দিনত অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰক সমৃদ্ধ কৰিব বুলিও আশা প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰা দেৱে । উক্ত অনুষ্ঠান টোৰ লগত সংগতি ৰাখি কৃষি বিশ্ববিদ্যালয়ৰ

উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই কয় যে 'লাৱন্য'ত সচৰাচৰ ক'লা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাৱে ইয়াক ভাত খাব পৰা যায়। অনাগত দিনত অসমৰ কৃষকে এই ধানৰ জৰিয়তে বিশ্বৰ বজাৰত খোজ পেলোৱাৰ সম্ভাৱনা প্ৰকট। অনাগত সময়ত কৃষক তথা অসমীয়া জনতা ই এইবিধ চাউলৰ ক্ষেত্ৰত কেনে সহাৰি দিয়ে, সেয়া হ'ব লক্ষণীয়।

13 views0 comments