দিল্লীৰ ৰোহিনী আদালতত পুনৰ গুলী : অধিবক্তাসহ আহত ২



দিল্লীৰ ৰোহিনী আদালতত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে আদালতৰ কাম আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে নিৰাপত্তাৰ দায়িত্বত থকা এজন ব্যক্তিৰ বন্দুকৰ পৰা গুলী চলে বুলি প্রত্যক্ষদর্শীয়ে জনাইছে। ঘটনাটোত এজন আইনজীৱীসহ ২জন আহত হোৱা বুলি খবৰ পোৱা গৈছে। লগে লগে আদালত চৌহদটোত নিৰাপত্তাৰ মাত্ৰা বৃদ্ধি কৰা হৈছে। ইফালে, নিৰাপত্তাৰক্ষীজনে ইচ্ছা কৰি গুলী চলাইছিল নে দুর্ঘটনাবশতঃ তেওঁৰ বন্দুকৰ পৰা গুলী চলিল, আৰক্ষীয়ে সেয়া তদন্ত কৰি আছে। উল্লেখ্য যে বিগত বছৰৰ ছেপ্টেম্বৰত এই ৰোহিনী আদালততে গেংৱাৰত গুলীবিদ্ধ হৈ ৬জনৰ মৃত্যু হৈছিল। ইয়াৰ পিছত ডিচেম্বৰত বিস্ফোৰণৰ ঘটনা এটাৰ পিছত সাময়িকভাৱে ট আদালতৰ কাম-কাজ বন্ধ কৰা হৈছিল।


দিল্লী আৰক্ষীৰ সূত্রই প্ৰকাশ কৰা অনুসৰি পুৱা ৯ বজাত আদালতৰ কাম আৰম্ভণিৰ ঠিক পূৰ্বে ৰোহিনী আদালতৰ ৮ নং গেটৰ কাষত অশান্তিৰ সূচনা ঘটে। আইনজীৱীৰ সৈতে অজন ব্যক্তিৰ কাজিয়া আৰম্ভ হয়। সেই সময়ত ৮নং গেটৰ নিৰাপত্তাৰ দায়িত্বত আছিল নাগালেণ্ড আৰক্ষীৰ (NAP) এজন কনিষ্টবল। হঠাতে তেওঁৰ বন্দুকৰ পৰা গুলী চলে। ঘটনাত প্রথমে হতাহতৰ খবৰ ওলোৱা নাছিল। পিছত আৰক্ষী সূত্রে জনা যায়, আইনজীৱীসহ ২ জন আহত হৈছে।


উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২১ চনৰ ছেপ্টেম্বৰত গুলীবৰ্ষণত কেপি উঠিছিল ৰোহিনী ক'র্ট। কুখ্যাত গেংষ্টাৰ জিতেন্দ্র গোগীৰ বিৰোধী গেঙৰ সদস্যই আইনজীৱীৰ ছদ্মবেশত গৈ গুলী চলাউ চলাই শুনানিৰ সনয়ত আদালতত প্ৰৱেশ কৰে। দলটোৱে জিতেন্দ্রকে লক্ষ্য কৰি গুলীচালনা কৰে। গুলীৰ আঘাতত আহত হৈ মাটিত ঢলি পৰাৰ কিছু সময় পিছতে জিতেন্দ্ৰৰ মৃত্যু হয়। তদুপৰি আন ৫জন নিহত হয়।


সেই ঘটনাটোৰ প্ৰায় ৮ মাহৰ পিছত একেখন আদালতত আজি পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। নিৰাপত্তাৰক্ষীৰ গুলীতে দুজন লোক আহত হয়।

3 views0 comments