ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতৰ চাহ উদ্যোগৰ ৫০০ কোটি টকা লোকচানৰ শংকা





ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধখনে দেশৰ চাহ উদ্যোগটোত প্ৰভাৱ পেলাইছে। দক্ষিণ ভাৰতৰ চাহ নিলাম কেন্দ্ৰসমূহত চাহৰ দাম ১০-১২ টকাকৈ কমিছে। ভাৰতৰ কেইবাটাও কোম্পানীয়ে ৰাছিয়াত থকা বিপণন কেন্দ্ৰ বন্ধ কৰিছে। এতিয়ালৈ অনুমান কৰা মতে এই বছৰত ভাৰতীয় চাহ উদ্যোগে ৫০০ কোটি টকা লোকচানৰ সন্মুখীন হ'ব। যুদ্ধখন যদি দীঘলীয়া হয় আৰু পশ্চিমীয়া দেশে ৰাছিয়াৰ ওপৰত আৰোপ পৰা কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ যদি ভাৰতেও মানিবলগীয়া হয়, চাহ উদ্যোগে অধিক ক্ষতিৰ সন্মুখীন হ'ব। ইয়াৰ প্ৰভাৱ অসমতো পৰিব। ৰাজ্যখনত থকা ক্ষুদ্ৰ, বৃহৎ সকলো বাগিচাই ইয়াৰ কুফল ভুগিব লাগিব।


উল্লেখ্য যে ভাৰতৰ তথা অসমৰ উৎপাদিত চাহৰ অধিকাংশ ক্ৰয় কৰে ৰাছিয়াই। ৰাছিয়ালৈ ভাৰতে সৰ্বাধিক চাহ ৰপ্তানি কৰি আহিছে। জানিব পৰা মতে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো ভাৰতে ২০২০ বৰ্ষত ৰাছিয়ালৈ ৰপ্তানি কৰিছিল ২৫.২২ মেক্ট্ৰিকটন চাহপাত। ইয়াৰ আন্তজাৰ্তিক বজাৰত দাম হৈছে ৪৫৩.২৬ কোটি টকা ২০২১ বৰ্ষত ভাৰতে ২৭.২৪ মেট্ৰিকটন চাহপাত ৰপ্তানিৰে ৪৮৭.০৪ কোটি টকাৰ ব্যৱসায় কৰিছিল। কিন্ত বৰ্তমান ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে ভাৰতৰ চাহ ৰাছিয়াই ক্ৰয় কৰাত অনিশ্চয়তা আহি পৰিছে। যদি এনে হয় এই বছৰ ভাৰতৰ চাহ উদ্যোগে প্ৰায় ৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়াত পৰিব।


আনহাতে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব অসমৰ চাহৰ ওপৰত। ইতিমধ্যে যুদ্ধৰ পৰোক্ষ প্ৰভাৱ দক্ষিণ ভাৰতত দেখা গৈছে।তথ্যৰ পৰা জানিব পৰা মতে দক্ষিণ ভাৰতত চাহৰ নিলামত ১০ টকাৰ পৰা ১৫ টকা পৰ্যন্ত নিম্নগামী হৈছে চাহৰ দাম। অসমত বাগিচাসমূহে এপ্ৰিলৰ আৰম্ভণিতে নতুন চাহ পাত উৎপাদন কৰে। । অসম চাহ মজদুৰ সংঘৰ উপ-সভাপতি নবীন কেওটে সংবাদ মাধ্যমক কয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ দীঘলীয়া হ'লে অসমৰ চাহ উদ্যোগে লোকচানৰ সন্মুখীন হ'ব লাগিব। দক্ষিণ ভাৰতৰ চাহ নিলাম কেন্দ্ৰত চাহৰ দাম নিন্মগামী হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে। এয়া যুদ্ধৰ প্ৰভাৱ। ভাৰতে সৰ্ব্বাধিক চাহ ৰাছিয়ালৈ ৰপ্তানি কৰে।কলকতাৰ এম কে নামৰ চাহপাত কোম্পানীটোৱে ৰাছিয়াত বিপণন কেন্দ্ৰ বন্ধ কৰাৰ লগতে সৰু-বৰ বহুকেইটা কোম্পানিয়ে ইতিমধ্যেই বন্ধ কৰাৰ দৰেই হৈছে বুলি নৱীন কেওটে প্ৰকাশ কৰে। উল্লেখ্য যে কলকাতাৰ কোম্পানীটোৱে ৰাছিয়ালৈ সৰ্বাধিক চাহ বিক্ৰী কৰে। সেয়ে আন্তঃৰাষ্ট্ৰীয় চাহৰ বজাৰ(ৰাছিয়া)মন্দা হৈ আহিলে অসমৰ চাহ উদ্যোগলৈয়ো বিপদ নামিব।


ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই অসমৰ চাহৰ মূল্য নিলামত নিম্নগামী হোৱাৰ সম্ভাৱনা আছে। এই প্ৰভাৱ দেখা যাব ডাঙৰ ডাঙৰ চাহ উদ্যোগ,বৃহৎ বৃহৎ চাহ বাগিচাৰ লগতে লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত।ইতিমধ্যেই উৎপাদনৰ অভাৱত মৃত্যুৰ ক্ষণ গণিছে বহু চাহ বাগিছা আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱত হয়তো বন্ধ হ'ব পাৰে বহু চাহ বাগিচা।

6 views0 comments