ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন, পিছে পিছে আহিব S-400




ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিন। তেওঁ

দ্বিপাক্ষিক বার্ষিক সম্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব। বিশ্বৰ সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাষ্ট্ৰপতি পুতিনৰ প্ৰস্তাৱিত ভাৰত ভ্ৰমণে ইতিমধ্যে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰৰ মনোযোগ কাঢ়িবলৈ সক্ষম হৈছে।


প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে ৰাষ্ট্ৰপতি পুতিনৰ বৈঠকত এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থাসহ কেইবাটাও ৰাছিয়ান প্রতিৰক্ষা সৰঞ্জাম ক্ৰয়ৰ বিষয়ে আলোচনা হ'ব পাৰে।



ইফালে, পুতিনৰ ভ্ৰমণৰ পূৰ্বে দ্বিপাক্ষিক অর্থনীতি আৰু প্রতিৰক্ষাত সহযোগিতাক লা ‘টু প্লাছ টু মেকানিজিম’ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত ৰাছিয়াৰ উপ-প্রধানমন্ত্রী ইউৰি বৰিচভে ভাগ লোৱাৰ সম্ভাৱনা আছে। শেহ3 ৰন্ধন গেছ সম্পৰ্কীয় এখন দীর্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছে নতুনদিল্লী-মস্কো। চুক্তিৰ জৰিয়তে ভাৰতে ৰাছিয়াৰ পৰা তৰলীকৃত প্রাকৃতিক গেছ লাভ কৰিব।


চুক্তিখন ৰূপায়ণৰ লগতে ‘টু প্লাছ টু মেকানিজিম’ বৈঠকত ইপান–ভ্লাদিভস্তক (ৰাছিয়া)-চেন্নাই নৌ-সংযোগক লৈও আলোচনাৰ সম্ভাৱনা আছে।



উল্লেখ্য যে আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি ভাৰতে ৰাছিয়াৰ পৰা এছ-৪০০ ক্ৰয়ৰ চুক্তি কৰিছে। ২০১৮ চনৰ অক্টোবৰত পুতিনৰ দিল্লী ভ্ৰমণৰ কালছোৱাত চুক্তিখন সম্পন্ন হৈছিল। চলিত বৰ্ষৰ ডিচেম্বৰত এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থাৰ প্ৰথমটো খেপ ৰাছিয়াৰ পৰা ভাৰতলৈ অনাৰ কথা।

12 views0 comments