ছাহজাহান প্ৰেমিক নে হিন্দু মহিলাৰ বলাৎকাৰী?








হাজাৰ হাজাৰ বছৰৰ প্ৰাচূৰ্যময় ইতিহাসেৰে সমৃদ্ধ ভাৰতৰ এছোৱা ইতিহাস দখল কৰি আছে মোগল বাদশ্বাহসকলে। এই সময়ছোৱাক অনেকে ভাৰতৰ গৌৰৱময় ইতিহাসৰ এছোৱা বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই আহিছে। এই পৱিত্ৰভূমিৰ গৌৰৱময় ইতিহাসৰ ধাৰাবাহিকতাক যদি ভালদৰে ফহিয়াই ছোৱা যায়, তেতিয়া দেখা যাব মোগলৰ শাসনকালত মানৱ সভ্যতালৈ ভাৰতৰ অন্যতম দান সনাতনী সভ্যতা-সংস্কৃতি সৰ্বাধিক বিপদাপন্ন হৈছিল। ইয়াৰ স্থানীয় লোকৰ ওপৰত দখলদাৰী মোগলসকলে অত্যাচাৰ চলাইছিল। দেশখনৰ জনাসাধাৰণৰ সেৱাৰথলীসমূহ লুটপাত কৰিছিল। ধ্বংস কৰিছিল। তেন্তে মোগলৰ শাসনকাল ভাৰতৰ বাবে গৌৰৱময় ইতিহাসৰ এছোৱা হ’ব পাৰেনে? যাৰ শাসনত ভাৰতবাসীৰ নিজৰ ধৰ্মীয় বিশ্বাসক অস্ত্ৰৰ ভাবুকিৰে সলাবলৈ বাধ্য কৰৰা হৈছিল, যুগ যুগ ধৰি চলি অহা ভাৰতৰ সভ্যতা-সংস্কৃতিক ধ্বংস কৰি এটা নতুন সভ্যতা-সংস্কৃতি জাপি দিয়া হৈছিল, সেই শাসনকাল ভাৰতৰ বাবে স্বৰ্ণিল ইতিহাস হ’ব পাৰেনে? মোগল শাসকৰ সময়ছোৱাত ভাৰতীয় সভ্যতা-সংস্কৃতিয়ে দেৱীৰ স্থানত ৰখা মহিলা সৰ্বাধিক অত্যাচাৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল। চুলতান-বাদশ্বাহসকলে হিন্দু মহিলাক হেৰেমত যৌনদাসী হিচাপে চলোৱা অত্যাচাৰ কেৱল বৰ্বৰতাৰ নিদাৰুণ নিদৰ্শনে নাছিল, ইয়াৰ জৰিয়তে মোগল শাসকসকলে হিন্দু বিদ্বেষৰো পৰকাষ্ঠা দেখুৱাইছিল। এই নিৰ্মম ইতিহাসক মন গ’লেই মচি দিব নোৱাৰি। ইতিহাসৰ পৃষ্ঠাৰ পৰা তাক মোহাৰি পেলাই মোগল শাসনক গৰিমাময় কৰাটো নাৰী সমাজ, হিন্দু সমাজ আৰু সনাতনী সভ্যতা-সংস্কৃতিৰ প্ৰতিও চৰম অপমান। তেনে এজন অত্যাচাৰী শাসকৰ নাম হৈছে ছাহজাহান। ইতিহাবিদ একাংশই প্ৰেমৰ প্ৰতীক, মহান ব্যক্তিকে ধৰি বিভিন্ন উপমাৰে অংকিত কৰা ছাহজাহান সঁচাকৈ প্ৰেমৰ প্ৰতীক, মহান শাসক আছিলনে?

মোগল শাসকৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বিদ্ধেষ, ভাৰতত মোগল সভ্যতা-সংস্কৃতি জাপি দিয়াৰ বাবে চলোৱা অত্যাচাৰী শাসনৰ বাবেই হেৰেমত হাজাৰ হাজাৰ হিন্দু মহিলাই চৰম নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। মোগলৰ সেই হিন্দু নাৰীৰ ওপৰত চলোৱা অত্যাচাৰী শাসনৰ বাবেই দিল্লীৰ ৰেড লাইট এৰিয়া হিচাপে জি বি ৰোড বদনাম হৈ পৰে। ইতিহাসবিদ বি স্মিথে কৈছিল, ছাহজাহানৰ হেৰেমত ৮ হাজাৰ ৰক্ষিতা আছিল। সেয়া তেওঁ পিতৃ জাহাংগীৰৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছিল। তেওঁ ইয়াক অধিক বিস্তৃত কৰি বৃদ্ধাসকলক তাৰ পৰা খেদি পঠিয়াই হিন্দু যুৱতী-কিশোৰীক বিচাৰি বিচাৰি আনি ভৰাই ৰাখিছিল। (আকবৰ দ্য গ্ৰেট মোগল; বি স্মিত, পৃষ্ঠা ৩৫৯)।

কথিত আছে যে তেওঁ বিতাড়িত কৰা মহিলাসকলৰ দ্বাৰা দিল্লীৰ ৰেডলাইট এৰিয়া জি বি ৰোড সমৃদ্ধ হৈছিল আৰু তাত দেহ ব্যৱসায়ৰ নতুন আড্ডা গঢ়ি উঠে। হিন্দু মহিলাক বলপূৰ্বক উঠাই আনি যৌনদাসী আৰু দেহ ব্যৱসায়ক ছাহজাহানে প্ৰশ্ৰয় দিছিল। তেওঁ প্ৰায়েই ৰাজ দৰবাৰৰ মন্ত্ৰী আৰু আত্মীয়ক হিন্দু যুৱতী-কিশোৰী উপহাৰ স্বৰূপে দিছিল।

তেওঁ হিন্দু মহিলাক মিনাবজাৰত খটুৱাইছিল। পৰিব্ৰাজক ফ্ৰাংকোইছ ৱাৰ্নিয়াৰে বিষয়টোত কৈছিল- ‘প্ৰসাদত বাৰে বাৰে অনুষ্ঠিত মিনাবজাৰত উঠাই অনা হিন্দু মহিলাৰ কিনা-বেচা হৈছিল। শাসকৰ দ্বাৰা বুজনসংখ্যক হিন্দু নাৰী আৰু নপুংষক কৰা হাজাৰ হাজাৰ পুৰুষৰ হেৰেমত ৰাখি ছাহজাহানৰ অন্তহীন বাসনাক পূৰ্ণ কৰাৰ চেষ্টা চলোৱা হৈছিল।(ট্ৰেভেলছ ইন মোগল এম্পায়াৰ- ফ্ৰাংকোইছ ৱাৰ্নিয়াৰ)

ছাহজাহানক প্ৰেমৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ইতিহাসবিদ তথা ভাৰতীয় একাংশ লোকৰ প্ৰয়াসৰ শেষ নাই। ৮ হাজাৰ যোনদাসীক হেৰেমত ৰাখি যৌনসুখ আদায় কৰা এজন ব্যক্তি যদি প্ৰেমৰ প্ৰতীক হয়, শাৰীৰিক সুখ বিচাৰি প্ৰতিদিনে গণিকালয়লৈ যোৱাজনো প্ৰেমৰেই প্ৰতীক হ’ব লাগিব নিশ্চয়। আপুনি এটা কথা জানিবলৈ পাই আচৰিত হ’ব যে মমতাজৰ নাম মমতাজ মহল নাছিলেই। তেওঁৰ আচল নাম অঞ্জমন-বানো-বেগম আছিল। যিগৰাকী মমতাজক লৈ ছাহজাহানৰ মহান প্ৰেমৰ ঢাক-ঢোল বজাই থকা হৈছে, সেইগৰাকী তেওঁৰ না প্ৰথম না শেষৰগৰাকী পত্নী আছিল। মমতাজ ছাহজাহানৰ সাতগৰাকী পত্নীৰ চতুৰ্থগৰাকী আছিল। মমতাজৰ সৈতে বিবাহৰ পিচতো ছাহজাহানৰ মন ভৰা নাছিল। আৰু তিনিগৰাকীক বিা কৰিছিল। ছাহজাহানে মমতাজৰ মৃত্যুৰ এসপ্তাহৰ ভিতৰত মমতাজৰে ভগ্নী ফাৰজানাক বিবাহ কৰে। ইমান দিনে ফাৰজানা ছাহজাহানৰ ৰক্ষিতা হৈ আছিল। বিবাহৰ পূৰ্বে দুয়োৰে সন্তান এটাও হৈছিল। এয়াই হৈছে প্ৰেমৰ প্ৰতীক ছাহজাহান।


লক্ষণীয় কথাটো হৈছে ৩৮ বছৰীয়া মমতাজৰ মৃত্যু কোনো দুৰ্ঘটনা বা অসুখৰ বাবে হোৱা নাছিল। ১৪সংখ্যক সন্তানটো জন্ম দিয়াৰ সময়ত অত্যধিক ৰক্তক্ষৰণ আৰু দুৰ্বলতাৰ বাবে মৃত্যু হৈছিল। ছাহজাহানে মমতাজক সন্তান জন্মৰ মেচিন হিচাপে ব্যৱহাৰ কৰিছিল। ছাহজাহান ইমানেই কামাতুৰ আছিল যে নিজৰ কন্যা জাহাআৰাৰ সৈতেও সম্ভোগত লিপ্ত হোৱা বুলি বদনাম এটা আছে।

ছাহজাহান আৰু মমতাজৰ জ্যেষ্ঠ কন্যা জাহাআৰা দেখাত সাইলাখ মমতাজৰ দৰে। মমতাজৰ মৃত্যুৰ পিছত মমতাজৰ স্মৃতিত ছাহজাহানে জাহাআৰাৰ সৈতে সম্ভোগত লিপ্ত হ’বলৈ আৰম্ভ কৰে। পিছলৈ কন্যাগৰাকীৰ বিবাহেই হ’বলৈ নিদিলে। ইয়াক মোল্লা-মৌলবী একাংশই ন্যায়সংগত কৰাৰ বাবে যুক্তি দিলে যে নিজে ৰুৱা গছৰ ফল খোৱাৰ অধিকাৰ সকলোৰে আছে।


কথিত আছে যে জাহাআৰাই নিজৰ পিতৃৰ কাৰণে বহু যুৱতীক ফুচুলাই আনিছিল। জাহাআৰাৰ সহায়তে ছাহজাহানে মমতাজৰ ভাতৃ শ্বাহস্তা খানৰ পত্নী কেইবাবাৰো বলাৎকাৰ কৰিছিল। ছাহজাহানৰ ৰাজ্যোতিষীৰ ১৩ বছৰীয়া ব্ৰাহ্মণ কন্যাগৰাকীক প্ৰৱঞ্চনাৰে ৰাজপ্ৰাসাদলৈ নি পিতৃৰ হাতত তুলি দিছিল। ছাহজাহানে নিজৰ ৫৮ বছৰ বয়সত ১৩ বছৰীয়া কিশোৰীগৰাকীক নিকাহ কৰিছিল।কিশোৰীগৰাকীয়ে ছাহজাহান পুত্ৰ ঔৰংগেজবৰ হাতত বন্দী হোৱাৰ পিছত নিজকে ঔৰংগজেবৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু বাসনাৰ সামগ্ৰী হোৱাৰ পৰা ৰক্ষা পাবলৈ নিজ হাতেৰে মিজ মুখত এচিড ঢালি দিছিল।

ছাহজাহানে নিজকে টাইমুৰৰ বংশৰ দাবী কৰিছিল। উজবেকিস্তানৰ জানোৱাৰ টাইমুৰৰ হিন্দুবিৰোধী অত্যাচাৰ আৰু ৰক্তপাতৰ অবিজ্ঞতাৰ পৰা ছাহজাহান ইমানেই অনুপ্ৰাণিত হৈছিল যে নিজৰ নামেই টাইমুৰ দ্বিতীয় ৰাখিছিল।

অৰম্ভণিৰ পৰাই ছাহজাহানে কাফিৰ (হিন্দু)ৰ বিৰুদ্ধে যুদ্ধৰ বাবে উছাহ আৰু আগ্ৰহ দেখুৱাইছিল। ইতিহাসবিদসকলে কোৱা অনুসৰি, ছাহজাহানে ফতেহপুৰ চিক্ৰি অধিকাৰ কৰাৰ লগতে আগ্ৰাত হিন্দুৰ ওপৰত নৰসংহাৰ চলাইছিল। ভাৰত পৰিভ্ৰমণলৈ অহা ইটালীৰ পৰিব্ৰাজক দেলা বেলীৰ মতে, ছাহজাহানৰ সৈনিকে ভয়াৱহ বৰ্বৰতাৰ পৰিচয় দিছিল। হিন্দুক অবৰ্ণনীয় অত্যাচাৰ চলাই সঞ্চিত ধন উলিয়াই দিবলৈ বাধ্য কৰিছিল। লগতে সীমাহীন উচ্চ বৰ্ণৰ মহিলাৰ শ্লীলতাহানি কৰিছিল।

ভাৰতৰ বাওঁপন্থী ইতিহাসবিদে ছাহাজাহনক এজন মহান নিৰ্মাতা ৰূপে চিত্ৰিত কৰিছে। এইজনে হিন্দু সভ্যতা-সংস্কৃতিৰ উচ্চস্তৰীয় কলাক প্ৰতিনিধিত্ব কৰা বহু মন্দিৰ আৰু ভৱন ধ্বংস কৰিছিল। আব্দিল হামিদে ‘বাদশ্বাহনামা’ত লিখিছে, মহামহিম ছাহেনশ্বাহ মহোদয়ৰ কৰ্ণগোচৰ কৰা হ’ল যে হিন্দুৰ এটা প্ৰধান কেন্দ্ৰ বাৰাণসীত তেওঁৰ পিতৃৰ কাৰ্যকালত অনেক মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু কাফিৰ হিন্দুৱে সেইবোৰক পূৰ্ণ ৰূপ দিয়াৰ নিকটত উপস্থিত হৈছে। তেতিয়া ইছলামৰ ৰক্ষক বাদশ্বাহে আদেশ দিলে যে যিবোৰ মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে, সেইবোৰ পুনৰ ধ্বংস কৰিব লাগে। সকলোবোৰ ধ্বংস কৰি দিয়া হ’ল।

কাশ্মীৰৰ পৰা উভতি অহা সময়ত ১৬৩২ চনত ছাহজাহানক কোৱা হয় যে মুছলমানলৈ ধৰ্মান্তৰিত অনেক মহিলাই পুনৰ হিন্দু ধৰ্মক আঁকোৱালি লৈছে। ছাহজাহানৰ নিৰ্দেশত সেই সকলোবোৰ মহিলাক বন্দী কৰা হয়। তেওঁলোকৰ ওপৰত ইমানেই বৃহৎ পৰিমাণত আৰ্থিক দণ্ড বিহা হ’n যে তেওঁলোকৰ বাবে সেয়া আদায় দিয়াটো অসম্ভৱ হৈ পৰিল। তেতিয়া ইছলামক আঁকোৱালি লোৱা অথবা মৃত্যুক স্বীকাৰ কৰি লোৱাৰ এটাক নিৰ্বাচন কৰিবলৈ কোৱা হ’ল। যিয়ে ধৰ্মান্তৰকৰণক অস্বীকাৰ কৰিলে, তেওংলোকৰ শিৰোশ্ছেদ কৰা হ’ল। প্ৰায় ৪,৫০০ মহিলাক ইছলামলৈ ধৰ্মান্তৰিত কৰি উপদেষ্টা, বিষয়া, ছাহজাহানৰ ঘনিষ্ঠ আৰু আত্মীয়-কুটুম্বৰ হেৰেমলৈ পঠিয়াই দিয়া হ’ল।

23 views0 comments