হুইলচেয়াৰৰ জৰিয়তে ২০০ কি:মি অতিক্ৰম কৰি গিনিছ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সাজু কমলাকান্ত




উৰিষ্যাৰ এগৰাকী পেৰা-এথলীট কমলাকান্ত নায়ক । যি গৰাকীয়ে হুইলচেয়াৰৰ জৰিয়তেই ২৪ ঘণ্টাত ২০০ কিলোমিটাৰ অতিক্ৰম কৰি গিনিছ বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে । জানিব পৰা অনুসৰি তেওঁ মাষ্টাৰ কেণ্টিন স্কোৱেৰৰ পৰা উৰিষ্যাৰ ৰাজমহল স্কোৱেৰ চাইকেল ট্ৰেক পইণ্টলৈ তেওঁৰ মেনুৱেল হুইলচেয়াৰত যাত্ৰা আৰম্ভ কৰিব।নায়কে কয় যে "মোৰ মেৰুদণ্ডৰ আঘাতৰ পিছত মোৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছিল। কিন্তু মোৰ পৰিয়ালৰ সদস্য, প্ৰশিক্ষক আৰু চিকিৎসকৰ সহায়ত লাহে লাহে আৰোগ্য হৈছিলো।"


তেওঁ আৰু কয় যে, "মোৰ ভগ্নী, ড. পি. পি. মোহান্তি আৰু মোৰ প্ৰশিক্ষক এছ বৈদ্যনাথনে মোক আৰোগ্য হ'বলৈ আৰু পেৰা-এথলীট হিচাপে প্ৰতিযোগিতাত অংশ ল'বলৈ অনুপ্ৰাণিত কৰিছিল। মই বিচনাত অসুস্থ অৱস্থাত থাকোতে তেওঁলোকে মোক বহুত সহায় কৰিছিল । তেওঁলোকৰ অনুপ্ৰেৰণাৰ ফলতেই মই মাৰাথন দৌৰিবলৈ সক্ষম হৈছিলোঁ।"


ষ্টেট ডিপাৰ্টমেণ্ট অৱ স্পৰ্টছ এণ্ড য়ুথ এফেয়াৰ্ছ, লগতে বেটাৰলাইফ ফাউণ্ডেচন নামৰ এখন চহৰ-ভিত্তিক বেটাৰলাইফ ফাউণ্ডেচনে নায়কক ২৪ ঘণ্টাত মেনুৱেল হুইলচেয়াৰত অতিক্ৰম কৰা সৰ্বশ্ৰেষ্ঠ দূৰত্ব'ৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিবলৈ সহায় কৰিছে। কমলাকান্তই পূৰ্বতে কলিঙ্গ ষ্টেডিয়ামত অনুষ্ঠিত 'দ্য এবিলিটি মাৰাথন'ত অংশগ্ৰহণ কৰিছিল। মাত্ৰ ১৫ ঘণ্টাত ১৩৯.৫৭ কিলোমিটাৰ হুইলচেয়াৰ আল্ট্ৰা-মাৰাথন সম্পূৰ্ণ কৰা তেওঁৱেই একমাত্ৰ ভাৰতীয়।


ইয়াৰ উপৰিও, তেওঁ ১৬ বাৰ ২ কিলোমিটাৰ হাফ-মাৰাথনত আৰু ১৩ বাৰ ৪২ কিলোমিটাৰ সম্পূৰ্ণ মাৰাথনত অংশগ্ৰহণ কৰিছিল। কেৱল এয়াই নহয় নায়কে অধিনায়ক হিচাপে উৰিষ্যা হুইলচেয়াৰ বাস্কেটবল দলৰো নেতৃত্ব দিছিল।তেওঁ ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ আৰু ৰাষ্ট্ৰীয় হুইলচেয়াৰ ফেঞ্চিং চেম্পিয়নশ্বিপতো দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰিছে।

3 views0 comments