এনিশাৰ পিছতে নাহৰকটীয়াত আৰম্ভ শংকৰদেৱৰ সংঘৰ অধিৱেশন




মাজত মাথোঁ এনিশা। ইয়াৰ পিছতে আৰম্ভ হ'ব দেশৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয়-আধ্যাত্মিক গণ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশন। ইয়াৰ ইতিমধ্যে নাহৰকটীয়াত ভক্তিৰ বিমল পৰিৱেশ এটা সৃষ্টি হৈছে। চৌদিশে মাথোঁ গুঞ্জৰিত হৈছে হৰিনামৰ ধ্বনি। ডেকা-গাভৰু, বৃদ্ধ-কিশোৰ সকলোৰ্ মুখত শুনা গৈছে কৃষ্ণৰ নাম।


কাইলৈ অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীৰ পৰা নাহৰকটীয়াত চলিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ বাণিজ্য আৰু গ্ৰন্থমেলা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে অধিৱেশনস্থলীলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকত, বৈষ্ণৱৰ। ৰাজ্যৰ ৫০টাকৈ সৰু-বৰ, জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ মিলনভূমিলৈ পৰিণত হ’ব অধিৱেশনস্থলী।



অধিৱেশনস্থলীত উপস্থিত হৈছে সেৱা বাহিনীৰ সেৱকসকল। গোটেই অধিৱেশনখন পৰিচালনা কৰাৰ লগতে ভকত-বৈষ্ণৱসকলক আপ্যায়ন কৰাৰ পৰা সকলো ধৰণৰ সহায়, সহযোগিতা আগবঢ়াব এই সেৱা বাহিনীৰ সেৱকসকলেই। আনহাতে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে সকলোকে আহ্বান জনাইছে।

7 views0 comments