অসম ভ্ৰমণৰ দ্বিতীয় দিন : আজি তেজপুৰ-কাজিৰঙালৈ ৰাষ্ট্ৰপতি




তিনিদিনীয়া কাৰ্যসূচীৰে সম্প্ৰতি অসমত থকা ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ আজি ৰাজ্যখনত দ্বিতীয় দিন। কালি তেওঁ কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি অসম ভ্ৰমণৰ পাতনি মেলা ৰাষ্ট্ৰপতি কোবিন্দৰ অসম ভ্ৰমণৰ প্ৰথম দিনৰ মূল কাৰ্যসূচী আছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠানটো। তাত আয়োজিত বিশেষ অনুষ্ঠানত যোৰহাটত আলাবৈৰ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাছিত বৰফুকনৰ সমাধি নতুনকৈ সজাই তুলিবৰ বাবে সমাধি ক্ষেত্ৰৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন আৰু অসমৰ কিম্বদন্তি আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ বছৰজোৰা ৪০০ বছৰীয়া জন্ম জয়্ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে, ছত্ৰপতি শিৱাজী, লাচিত বৰফুকন আদিৰ দৰে সোতৰ শতিকাৰ যিসকল দেশপ্ৰেমিকে বীৰত্বৰে শত্ৰুৰ হাতৰ পৰা মাতৃভূমিক ৰক্ষা কৰিছিল তেওঁলোকৰ আদৰ্শই নতুন প্ৰজন্মক সদা্যে অনুপ্ৰাণিত কৰি যাব।


লাচিত বৰফুকনৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰাৰ যি আয়োজন কৰা হৈছে তাৰ বাবে তেওঁ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰৰ দ্বায়বদ্ধতাক ভূয়্সী প্ৰশংসা কৰে।




ইফালে, তিনিদিনীয়া ভ্ৰমণসূচীৰ আজি দ্বিতীয় দিনা ৰাষ্ট্ৰপতিগৰাকী তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। তাৰ পৰা তেওঁ কাজিৰঙালৈ যাত্ৰা কৰিব। তেজপুৰৰ পৰা তেওঁ বিশেষ বিমানযোগে কাজিৰঙাত উপস্থিত হ’ব আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগ পৰিদৰ্শন কৰিব।


নিশা কাজিৰঙাক এখন ৰিজৰ্টতে কটাবলগীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কঁহৰা বনাঞ্চলত হাতী ছাফাৰী কৰিব। দেওবাৰে পুৱা কাজিৰঙাৰ পৰা যোৰহাটলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতিগৰাকী। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ সময়ত তেওঁৰ লগত আছে পত্নীসহ কন্যা।


ইফালে ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত সাধাৰণ নাগৰিকৰ বাবে বন্ধ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

6 views0 comments