সচিবালয়ত উৎকোচ লৈ ধৰা পৰিল কৰ্মচাৰী



দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুদ্ধঘোষণা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিক উপলুঙা কৰি সচিবালয়তে দুৰ্নীতিৰ পোহাৰ মেলি আছিল এগৰাকী কৰ্মচাৰী। আজি তেওঁৰ শেষ ৰক্ষা নহ’ল। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হয়। কৰ্মচাৰীগৰাকী সচিবালয়ৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ। তেওংৰ নাম জ্যেষ্ঠ সহকাৰী সীমা দেৱী।

কৰ্মচাৰীগৰাকীক দিছপুৰস্থিত সচিবালয়ৰ ভিতৰত উৎকোচ লোৱা অৱস্থাতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই হাতে–লোটে গ্ৰেপ্তাৰ কৰে। সীমা দেৱীয়ে ৪,০০০ টকা উৎকোচ লৈছিল। লক্ষণীয়ভাৱে কৰ্মচাৰীগৰাকীৰ বেগৰ পৰা আৰক্ষীয়ে অতিৰিক্ত ৯৯,০০০ টকাও জব্দ কৰে।

7 views0 comments