জ্যেষ্ঠ চিকিৎসক দিলীপ বৰুৱাৰ দেহাৱসান




বৃহস্পতিবাৰে সন্ধিয়া ৭:৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ বৰুৱাই। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। জ্যেষ্ঠ চিকিৎসকগৰাকী একাধিক ৰোগৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।


প্ৰয়াত বৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ই এন টি বিভাগৰ মুৰব্বী হিচাপে সেৱা আগবঢ়াইছিল।


চিকিৎসকগৰাকীৰ মৃত্যুত আত্মীয়-স্বজন, সহকৰ্মী, তথা গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰিছে।

12 views0 comments