লামডিং বনাঞ্চলত লোকক সংস্থাপন : আৰক্ষীৰ জালত পৰিল দালাল নজৰুল




বিভিন্ন জিলাৰ পৰা লামডিং বনাঞ্চলত বিভিন্ন লোকক সংস্থপিত কৰি বৃহৎ দালালৰাজ চলাই থকা নজৰুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বনাঞ্চলখনৰ ৫০০ হেক্টৰ ভূমিত হালধিৰ খেতি কৰাৰ বাবে নজৰুলে সংস্থাপিত কৰিছিল বহুকেইটা পৰিয়ালক।



উল্লেখ্য যে দালালটোৰ কেইদিনমান আগেয়ে মুখ্যমন্ত্ৰীয়েও উল্লেখ কৰিছিল। অৱশেষত হোজাইৰ নখুঁটিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় নজৰুলক। নজৰুলৰ লগতে আন এজন ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুয়ো লগ লাগি লামডিং বনাঞ্চলত মাটিৰ দালালি কৰিছিল।


প্ৰসংগক্ৰমে বনাঞ্চলখনৰ পৰা সম্প্ৰতি উচ্ছেদিত লোকসকলেও নজৰুলৰ নাম উল্লেখ কৰিছিল। আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ প্ৰচেষ্টাত গ্ৰেপ্তাৰ কৰা হয় নজৰুল ইছলাম। বৰ্তমান নজৰুল ইছলামক আৰক্ষীয়ে জেৰা চলাই আছে।

4 views0 comments