জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা : গংগা নদীৰ গতি সলনি





জলবায়ু পৰিৱৰ্তনে ক্ৰমাৎ দেশত ভয়াবহ ৰূপ ধাৰণ কৰিছে । আই আই এছ চি আৰু আই আই টি কানপুৰে চলোৱা এটা অধ্যয়নে দেখুৱাইছে যে মানুহৰ কামকাজ আৰু জলবায়ুৰ পৰিৱৰ্তনে গংগা নদীৰ গতিক সলনি কৰি পেলাইছে । মানুহৰ কাণ্ডজ্ঞানহীন কামকাজে ইতিমধ্যেই নদীখনৰ বহু ক্ষতি কৰিছে । সাংঘাতিক প্ৰদূষণৰ ফলত বিষাক্ত হৈ পৰিছে গংগা নদীৰ পানী । চাইনটিফিক ৰিপোৰ্টছ নামৰ জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোৱে দেখুৱাইছে জলবায়ু পৰিৱৰ্তন আৰু নদীবান্ধ নিৰ্মাণৰ দৰে মানুহৰ কামকাজবোৰে অঞ্চলটোক কিদৰে ক্ষতি কৰিছে । দেৱপ্ৰয়াগ নামৰ ঠাইত গংগাৰ সৈতে মিলিত হোৱা দুই উপনদী ভাগীৰথী আৰু অলকানন্দাক কেন্দ্ৰ কৰি চলা এই অধ্যয়নত শেহতীয়া মানৱ কাৰ্যকলাপবোৰে পাৰ্বত্য অঞ্চলটোৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে তাক অধ্যয়নটোৱে বিশ্লেষণ কৰি দেখুৱাইছে । উল্লেখযোগ্য যে ২০১০ চনৰ পিছত ভাগীৰথী নদীত চাৰিটাকৈ নদীবান্ধক কাৰ্যক্ষম কৰা হৈছিল আৰু ২০১৫ চনৰ পিছত অলকানন্দা নদীত দুটাকৈ নদীবান্ধক কাৰ্যক্ষম কৰা হৈছিল । অৱশ্যে নদীৰ গতিৰ সলনি হোৱা প্ৰক্ৰিয়াৰ প্ৰভাৱক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ উন্নয়ন আৰু হাইড্ৰ'লিক গঠনক ব্যৱহাৰ কৰিব পৰা যায় বুলি অধ্যয়নটোৱে উল্লেখ কৰিছে ।

6 views0 comments