আজি সুন্দৰৰ পূজাৰীৰ স্মৃতি দিৱস অৰ্থাৎ "জ্যোতি দিৱস": ৰাজ্যৰ আকাশ-বতাহত ভাঁহিছে আজি সুন্দৰৰ পূজাৰীৰ






আজি শিল্পী দিৱস। প্ৰতি বছৰে ১৭ জানুৱাৰীত এই শিল্পী দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। ১৭ জানুৱাৰী এই দিনটোতে ৰূপকোঁৱৰৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়।


১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। প্ৰথম বছৰৰ সেই অনুষ্ঠানত গুৱাহাটীত ৪০ জনমান লোক উপস্থিত আছিল।


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জন্ম লাভ কৰিছিল। মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। তেখেতে অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে বৰঙনি আগবঢ়াই গৈছে।


অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে।


জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল। জয়মতী (১৯৩৫) আৰু ইন্দ্ৰমালতী (১৯৩৯) নিৰ্মাণ কৰিছিল। ইয়াৰোপৰি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।


তেওঁ ৰচনা কৰা সম্পূৰ্ণ নাটকসমূহ হৈছে শোণিত কুঁৱৰী (১৯২৫),

কাৰেঙৰ লিগিৰী (১৯৩o),লভিতা (১৯৪৮),ৰূপালীম (১৯৩৮),

নিমাতী কইনা (১৯৬৪),খনিকৰ (১৯৭৭)। অসম্পূৰ্ণ নাটক হৈছে

কনকলতা,সুন্দৰকোঁৱৰ,সোণপখিলী।


জ্যোতি প্ৰসাদ আগৰৱালা অকল ৰূপান্তৰৰ শিল্পী নাছিল , সামাজিকভাৱে দায়বদ্ধ এজন বিপ্লৱী শিল্পীও আছিল । সমাজৰ প্রতি দায়বদ্ধ হােৱা বাবেই জ্যোতি প্রসাদে জীৱনৰ শেষৰ ফালে মার্ক্সৰ বৈপ্লৱিক আদৰ্শৰ প্রতি আকৃষ্ট হৈ পৰিছিল । জ্যোতি প্ৰসাদ আছিল জনতাৰো শিল্পী ।


এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰিছিল। যাৰ মূল্য পাঁচ টকা।


মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত আজিৰ দিনটোত ৰাজ্যৰ আকাশ বতাহ মুখৰ হয় ৰূপকোঁৱৰৰ কালজয়ী গীতেৰে । ৰূপকোঁৱৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শিল্পী দিৱসৰ।


ইফালে শিল্পী দিৱস উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে শিল্পী পেঞ্চন। ১৫০ গৰাকী শিল্পীক অসম চৰকাৰে প্ৰদান কৰিব শিল্পী পেঞ্চন । প্ৰতিমাহে ৮ হাজাৰ টকাকৈ দিয়া হ'ব শিল্পী পেঞ্চন। সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ঘোষণা কৰে এই কথা।

5 views0 comments