মে-ডাম-মে-ফীৰ তাৎপর্য আৰু ইতিহাস



মে মানে পূজা, ডাম মানে উপৰিপুৰুষ আৰু ফী মানে দেৱতা। অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষৰ পূজা-অৰ্চনা। মে-ডাম-মে-ফী টাই আহোমসকলৰ প্ৰধান উৎসৱ। চুকাফাই ৰাজত্ব কৰা দিনৰে পৰা অসমত এই পূজা পালন কৰি অহা হৈছে।সময়ৰ গতিত এই পূজাই সাৰ্বজনীন ৰূপ লাভ কৰে। প্ৰতিবছৰে ৩১ জানুৱাৰীত টাই আহোমসকলে আড়ম্বৰপূৰ্ণভাৱে উৎসৱটো পালন কৰি আহিছে। ইয়াৰ জৰিয়তে টাই আহোমসকলৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ উন্মেষ ঘটে। মে-ডাম-মে-ফীৰ ঐতিহাসিক তাৎপর্য আছে। লগতে আছে উৎপত্তিৰ এটা অনবদ্য কাহিনী।চাও গোলাপ চন্দ্র বৰুৱাৰ ‘আহোম বুৰঞ্জী’ৰ ৯৭নং পৃষ্ঠাত ইয়াক এইদৰে বৰ্ণনা কৰা হৈছে।



‘পৃথিৱীত ইন্দ্রবংশীয় এজন ৰজাৰ ৰাজত্ব কামনা কৰি স্বর্গাধিপতি মহাৰাজ ইন্দ্রই (লেংডন) নাতিয়েক খুনপুং-খুনলাইক নানান দিহা-পৰামর্শ আৰু উপদেশ প্রদান কৰিছে৷ ইয়াৰ পূর্বে সোণৰ জখলাৰে খুনলুং-খুনলাই মু্যংকাঙলৈ নামি অহাৰ প্রাক মুহূর্তত জাছিংফা (বিদ্যা দেৱী)য়ো বছৰৰ আৰম্ভণিতে ভাল দিন-বাৰ এটা চাই দেৱতাসকললৈ পূজা আগবঢ়াবলৈ কৈছিল৷ লেংডনে আঠ লাখ দেৱ-দেৱীৰ সৈতে পৃথিৱীলৈ আহি তেওঁলোকৰ পূজা গ্রহণ কৰিব আৰু তেতিয়া তেওঁলোকৰ ৰাজপাট নিৰাপদ হ’ব বুলি অভয় প্রদান কৰিছিল৷ স্বয়ং লেংডনেও খুনলুং-খুনলাইক অশেষ বুজনি দি কৈছিল– তোমালোকক লাওখ্রী (হিন্দুৰ দেৱতা গুৰু বৃহস্পতি আৰু দৈত্যৰ গুৰু শুক্র) আৰু জাছিংফা (বিদ্যা দেৱী)য়ে সকলো সময়তে সহায় কৰিব৷ আশা কৰোঁ তোমালোকে সুখ্যাতিৰে দেশ শাসন কৰিব পাৰিবা৷ যেতিয়া দিন-হা (চ’ত মাহ) আহিব তেতিয়া সকলোবিধৰ বনৰীয়া ফুলৰ লগতে ব্লকছে-ফা (চিংকৰা ফুল) ফুলিব, তেতিয়া বানচেং চাই শুভ দিন গণনা কৰি, বলি-বিধান দি দেৱতাসকলক পূজা দিবা৷ লেংডনে অর্থা মই আঠ লক্ষ দেৱ-দেৱীৰ সৈতে পৃথিৱীলৈ নামি গৈ তোমাৰ বছৰেকীয়া পূজা গ্রহণ কৰিম আৰু তোমাৰ ৰাজ্য কুশলে আৰু নিৰাপদে থাকিব৷’

এয়াই হৈছে মে-ডাম-মে-ফীৰ মূল ভেটি৷ সেয়েহে এদিন আহোমৰ প্রথমজনা স্বর্গদেউ চাওলু্ং চ্যুকাফাই চৰাইদেউত ৰাজধানী পাতি অতি নিৰাপদে, কুশল-মংগলেৰে শাসন কৰিবলৈ পু-লিন-পু-থাওৰ আশীর্বাদ বিচাৰি অতি মৰমৰ বগা ঘোঁৰাটো (যিটো ঘোঁৰাত উঠি আহি ম্যুং-ডুন-চুণ-খামত ভৰি দিছিল) দেশ আৰু জাতিৰ বাবে উছর্গা কৰিছিল৷

আহোমসকলৰ কোনো লোকৰ মৃত্যু হ’লে প্রথমে ‘ডাম’ অৱস্থাপ্রাপ্ত হয় বুলি বিশ্বাস কৰা হয়৷ ডাম মানে মৃতক৷ তাইসকলৰ ধর্মবিশ্বাস অনুসৰি ডামক পূজা-পাতলৰ যোগেদি ফী অর্থা দেৱতালৈ উন্নীত কৰা হয়৷ আনহাতে, মে’ মানে তর্পণ৷ এনেদৰে দেখা যায় যে মে-ডাম মৃতক বা উপৰি পুৰুষলৈ কৰা তর্পণ বা পূজা-অর্চনা৷ মে-ফী দেৱী-দেৱতালৈ কৰা তর্পণ বা পূজা-অর্চনা৷ দুয়োটাৰে সংযুক্ত ৰূপ হ’ল মে-ডাম-মে-ফী অর্থা চমুতে পু-লিন-পু-থাও (উপৰিপুৰুষ) আৰু দেৱী-দেৱতালৈ উসর্গা বা তর্পণ৷

তাই লোকবিশ্বাস অনুসৰি সকলো মৃতকেই এদিন দেৱতালৈ ৰূপান্তৰিত হয়৷ কিন্তু তেওঁলোকক স্বর্গৰ দেৱতাসকলৰ সৈতে একে শাৰীতে ধৰা নহয়৷ সেয়েহে মে-ডাম-মে-ফীত পূজা আগবঢ়োৱা দেৱতাসকলক তিনিটা ভাগত ভাগ কৰি তেনেদৰে তর্পণ আগবঢ়োৱা হয়৷ যেনে–

ডাম-চাও-ফী : তেওঁলোক হ’ল-প্রাকৃতিক শক্তিৰ সৈতে সম্বন্ধিত দেৱী-দেৱতা৷ যেনে খাও খাম (জলশক্তি), লেংডিন (পৃথিৱী), জানচাই হুং (দেৱগুৰু), ফা-ন-ৰূ লেংডন (আকাশ শক্তি), ছিট লাম ছাম (সপ্তশক্তিৰ আধাৰ), মুট কুম-টাই কুম (তাপ আৰু পোহৰৰ দেৱতা), জাছিংফা (জ্ঞান-বিদ্যাৰ অধিকাৰী দেৱী), ৰা-খিন-ৰা-খিন (ৰোগ-ব্যাধিৰ কাৰক অপশক্তি)৷

ডাম-চাঙ ফী : তেওঁলোক হ’ল-কোনো ব্যক্তি বা পৰিয়ালৰ ষষ্ঠ পুৰুষৰ পৰা চৈধ্য পুৰুষলৈকে হোৱা ডাম (মৃতক)সকল৷ এওঁলোক মৃতকৰ পৰা দেৱতালৈ (ফী) উন্নীত হৈছে যদিও এখেতসকলক স্বর্গৰ দেৱতাসকলৰ একে শাৰীতে ধৰা নহয়৷

গৃহ-ডাম : গৃহ-ডাম হ’ল কোনো গৃহস্থ বা পৰিয়ালৰ চাৰি পুৰুষৰ মৃতকসকল৷ বছৰৰ তিনিটা বিহুত, ন-খোৱা, বছৰেকীয়া বা কোনো শুভ কর্মৰ প্রাক৲ মুহূর্তত প্রত্যেক পৰিয়ালে গৃহ-ডাম অর্থা চাৰি পুৰুষৰ মৃতকসকললৈ পূজা আগবঢ়ায়৷

গোলাপ চন্দ্র বৰুৱাৰ আহোম বুৰঞ্জীত ভালেকেইজন স্বর্গদেৱে মে-ডাম-মে-ফী তর্পণ ৰাজকীয় মর্যাদাৰে অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে৷ লাকনি মু্যঙ-মাও-শকত (১৫৬৩ খ্রীঃ) দিনচাম (মাঘ বিহু) মাহত কোঁচ ৰজাই আহোম ৰজা চাওফা চুখামফা বা খোৰা ৰজাৰ ওচৰলৈ সন্ধিৰ প্রস্তাৱ দি ৰতিকান্তক পঠিয়ায়৷ আহোম ৰজায়ো কোঁচ ৰজাৰ সন্ধিৰ প্রস্তাৱ গ্রহণ কৰি দুয়োপক্ষৰ মাজত মিত্রতা সুদৃঢ় কৰি দেশখনক সংকটৰ পৰা ৰক্ষা কৰে৷ পাছত ৰাজধানীলৈ ঘূৰি আহি দেৱতা আৰু মৃতক দেৱতাসকলক পূজা দিয়াৰ অর্থে মে-ডাম-মে-ফী পতাৰ কথা বুৰঞ্জীত পোৱা যায়৷ চুচেংফা ওৰফে প্রতাপসিংহ স্বর্গদেৱৰ ৰাজত্ব কালত মুঠতে তিনিবাৰ মে-ডাম-মে-ফী অনুষ্ঠিত হয়৷ ১৬০৬ খ্রীঃত প্রথমবাৰ, ১৬১৫ খ্রীঃত দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ গড়গাঁও ৰাজধানীত ষড়যন্ত্রকাৰী আহোম বিষয়াসকলক শাস্তি প্রদান কৰি৷ লক্ষী সিংহ অর্থা চু্যনেওফা স্বর্গদেৱৰ দিনত, চন্দ্রকান্ত ওৰফে চুডেনফা স্বর্গদেৱৰ দিনত মে-ডাম-মে-ফী উদ৲যাপন কৰা হৈছিল৷ আহোম বুৰঞ্জীত উল্লেখ থকা মতে চুহুংমুং, চুক্লেংমু্যং, চুপংমু্যং, চুপাংফা, চুলিকফা, চুদেনফা আদি স্বর্গদেউসকলৰ দিনতো জাক-জমকতাৰে ৰাজপোষকতাৰে মে-ডাম-মে-ফী পূজা অনুষ্ঠিত হৈছিল৷

মে-ডাম-মে-ফী প্রধানকৈ চৰাইদেউৰ দেওঘৰত অনুষ্ঠিত কৰা হৈছিল যদিও পৰিস্থিতি আৰু সুযোগ-সুবিধা সাপেক্ষে আন আন ঠাইতো অনুষ্ঠিত হৈছিল৷ চৰাইদেউৰ মৈডামত এইভাগী কর্ম কৰাৰ প্রধান উদ্দেশ্যই হৈছে যে মৃতক স্বর্গদেউসকলৰ প্রতি কৰা তর্পণ৷ বছৰৰ জেঠ, শাওণ, কাতি, মাঘ, চ’ত আদি মাহত এই পূজা পতাৰ কথা বুৰঞ্জীয়ে কয়৷ দেশত কোনো দুযোর্গপূর্ণ পৰিস্থিতিৰ সৃষ্টি হ’লে কাৰোবাৰ ব্যক্তিগত পাৰিবাৰিক জীৱনত অপায়-অমংগল ঘটিলে এই পূজাৰ আয়োজন কৰিছিল৷ তেওঁলোকৰ একান্ত বিশ্বাস আছিল যে পো-নাতিৰ সৈতে তেওঁলোকে উপৰিপুৰুষসকললৈ স-ভক্তিৰে পূজা আগবঢ়ালে তেওঁলোক সন্তুষ্ট হ’ব আৰু পো-নাতিৰ মংগল কামনা কৰি স্বর্গৰ পৰা আশীর্বাদ বৰিষণ কৰিব৷ বর্তমানো আহোম সম্প্রদায়ৰ লোকসকলে পূর্বৰ ৰজাসকলৰ দৰে দেশ-জাতি তথা ব্যক্তিগত পাৰিবাৰিক মংগল কামনা কৰি তেওঁলোকৰ দেৱ-দেৱী আৰু উপৰিপুৰুষলৈ পূজা-সেৱা আগবঢ়াই আহিছে৷

মে-ডাম-মে-ফী যদিও আহোমসকলৰ ধর্মীয় পৰম্পৰা, তথাপি সামাজিক দৃষ্টিকোণৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম৷ বিশেষকৈ এই অনুষ্ঠানত জাতি-বর্ণ নির্বিশেষে সর্বস্তৰৰ লোক উপস্থিত হৈ অংশগ্রহণ কৰা কার্যই নিতান্তভাৱে সামাজিক সম্প্রীতি সুদৃঢ়কৰণত সহায়ক হ’ব৷ আনহাতে, আহোম সমাজখনৰ মাজতে গোষ্ঠীগত সচেতনতা বৃদ্ধি, বংশাৱলী নির্মাণ আৰু কৃষ্টি-সংস্কৃতি সংৰক্ষণত প্রধান ভূমিকা গ্রহণ কৰিছে৷ আজিৰ তাৰিখত অসমৰ সৰহ সংখ্যক আহোম লোকেই হিন্দু ধর্মাৱলম্বী আৰু বহুতে বৈষ্ণৱবাদো গ্রহণ কৰিছে৷ ফলস্বৰূপে তেওঁলোকে ক’ৰবাত যেন নিজস্ব স্বকীয়তা হেৰুৱাই পেলাইছে৷ কিন্তু সময়ে সময়ে উদ৲যাপন কৰি অহা এনে গোষ্ঠীগত স্বকীয় পৰম্পৰাসমৃদ্ধ অনুষ্ঠানসমূহে তেওঁলোকৰ মাজত জাতিগত সচেতনতা বৃদ্ধি কৰাৰ লগতে ঐক্যবদ্ধতা গঢ়ি তোলাত সহায় কৰিছে৷

বুৰঞ্জীয়ে কয়, মে-ডাম-মে-ফী উসৱত জাতি-বর্ণ আনকি ধর্ম নির্বিশেষে সকলো লোকেই অংশগ্রহণ কৰি বৃহত্তৰ অসমীয়া জাতিটোৰ সুখ-সমৃদ্ধি আৰু মংগল কামনা কৰিছিল৷ এই পূজা অনুষ্ঠিত কৰি স্বর্গদেউসকলে জাতি, মাটি আৰু ভেটি ৰক্ষা কৰিছিল৷ দেশক ঘোৰ সংকটৰ পৰা বচাইছিল৷ গতিকে এই পূজা অতি তাপর্যপূর্ণ আৰু অপৰিহার্য ৰূপে পৰিগণিত হৈছিল৷ আজিৰ প্রেক্ষাপটতো যে ইয়াৰ কম গুৰুত্ব সেয়া নহয়, মাত্র আজি ইয়াৰ সৈতে অন্তর্নিহিত কথাবোৰৰ অধ্যয়ন, গৱেষণা, আলোচনা-বিলোচনাৰে ব্যাপক ৰূপত পৰিচর্ আৰম্ভ হৈছে যিটো নেকি কেতিয়াবাই হৈ উঠিব লাগিছিল৷ সি যি নহওক, কোনোবাই পাতিছে, আমিও পাতিম বুলি ভাবি মে-ডাম-মে-ফী পাতিবলৈ গ’লে সি কেতিয়াও আদৰণীয় নহ’ব যিহেতু যিকোনো ধর্মীয় পৰম্পৰা উদ৲যাপনৰ এক অভ্যন্তৰীণ উদ্দেশ্য, তাপর্য আৰু গুৰুত্ব থাকে৷ আমি নিশ্চয়কৈ আশা ৰাখিম যে মে-ডাম-মে-ফী পূজা উসৱ পালনে আহোমসকলৰ লগতে সমগ্র অসমীয়া জাতিটোৰ মাজত ঐক্য-সম্প্রীতি তথা সুখ-সমৃদ্ধি বৃদ্ধি কৰিব৷

16 views0 comments