নাজিৰাত হত্যাৰ ৯ বছৰ পিছত নিহতৰ কংকাল উদ্ধাৰ : পুনৰ মুকলি হ'ব বন্ধ গোচৰ!




২০১৩ চনতে হত্যাৰ বলি হোৱা লোক এজনৰ সুদীৰ্ঘ ৯ বছৰ অন্তত উদ্ধাৰ কংকালে বন্ধ হৈ পৰা গোচৰটোত নতুন মাত্ৰা প্ৰদান কৰিলে। প্ৰয়োজনীয় তথ্য-প্ৰমাণৰ অভাৱত আৰক্ষীয়ে ২০২০ চনত গোচৰটোৰ ফাইল বন্ধ কৰিছিল। কিন্তু শেহতীয়াকৈ নিহত ব্যক্তিজনৰ কংকাল উদ্ধাৰ হোৱাত গোচৰটো নতুনকৈ মুকলি হোৱাৰ সম্ভাৱনা আছে।


অচ্যুত দত্ত নামৰ ব্যক্তিজনৰ কংকাল শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীত এটা পৰিত্যক্ত তৈলখাদত উদ্ধাৰ হয়। জানিব পৰা অনুসৰি, পৰিত্যক্ত তৈলখাদটোৰ পৰা পুনৰ তৈলখননৰ পৰিকল্পনা কৰে অ'এনজিচিয়ে। সেই অনুসৰি, সোমবাৰে খননকাৰ্যৰ বাবে তৈলখাদটো মেৰামতিৰ অৰ্থে খনন কৰি থাকোঁতে উদ্ধাৰ হয় পচি যোৱা কাপোৰৰ টুকুৰা আৰু কেইটুকুৰামান হাড়। শ্ৰমিককেইজনে স্থানীয় লোকক এই বিষয়ে অৱগত কৰে। বিষয়টো জানিব পাৰি স্থানীয় লোকৰ সন্দেহ জন্মে। কিয়নো ২০১৩ চনৰ মে'ৰ পৰাই অঞ্চলটোৰ হাটখুলাৰ অচ্যুত দত্ত নামৰ ব্যক্তিজন সন্ধানহীন হৈছিল ৷ নৰকংকাল আৰু পচি যোৱা কাপোৰ  উদ্ধাৰৰ খবৰ পাই সন্ধানহীন হৈ থকা ব্যক্তিজনৰ পৰিয়ালৰ লোকৰো সন্দেহ হয় আৰু ততাতৈয়াকৈ গেলেকী আৰক্ষীৰ কাষ চাপে ৷


গেলেকী আৰক্ষীয়ে দণ্ডাধীশক লগত লৈ দেওপানীৰ সেই অঞ্চলটোত নৰকংকালৰ সন্ধানত অভিযান চলায় ৷ মঙলবাৰে আৰক্ষীয়ে খনন কৰি মানৱ শৰীৰৰ কিছু অস্থি  উদ্ধাৰ কৰিবলৈ সক্ষম হয়।




ইফালে, অচ্যুত দত্তৰ পত্নীয়ে উদ্ধাৰ হোৱা কাপোৰ টুকুৰা প্ৰত্যক্ষ কৰি সেইবোৰ তেওঁৰ স্বামীৰ বুলি দাবী কৰে। উল্লেখ্য যে ২০১৩ চনৰ মে'ত এদিন নিশা কেইজনমান লোকে ঘৰৰ পৰা মাতি নিয়াৰ পাছৰে পৰা অচ্যুত দত্ত নিখোজ হৈ আছে। তেওঁক হত্যাৰ অভিযোগত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল। কিন্তু প্ৰয়োজনীয় তথ্য-প্ৰমাণ নাপাই আৰক্ষীয়ে ২০২০ চনত গোচৰৰ ফাইলটো বন্ধ কৰি দিয়ে। কিন্তু অচ্যুত দত্তৰ পত্নী তথা পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি কংকালৰ অৱশিষ্টখিনি অচ্যুত দত্তৰ বুলি প্ৰমাণিত হ'লে বন্ধ গোচৰটো পুনৰ মুকলি হ'ব পাৰে।

3 views0 comments