মেট্ৰিক-হাইমাদ্ৰাছা, নৱম-দশমৰ ছয়মাহিলীত অনুত্তীৰ্ণৰ বাবে বিশেষ পৰীক্ষা ছেবাৰ





মেট্ৰিক-হাইমাদ্ৰাছা আৰু নৱম-দশমৰ ছয়মাহিলী পৰীক্ষাত অনুত্তীৰ্ণৰ বাবে বিশেষ পৰীক্ষাৰ দিহা কৰিছে ছেবাই। এখন জাননীৰ জৰিয়তে ঘোষণাটো কৰা হৈছে।


ছেবাৰ জাননীত কোৱা হৈছে- '২০২১ চনৰ অক্টোবৰত অনুষ্ঠিত নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব পৰা নাছিল। সেইসকলৰ বাবে বিশেষ ছয়মাহিলী পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। লগতে মেট্ৰিক আৰু হাইমাদ্ৰাছ পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবেও অনুষ্ঠিত হ’ব পৰীক্ষা।'



জাননী অনুসৰি, ১৫ ডিচেম্বৰৰ ভিতৰত ছয়মাহিলী পৰীক্ষা অনুষ্ঠিত হ'ব। আনহাতে, যিসকল দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ছয়মাহিলী পৰীক্ষা দিয়া নাই, সেইসকল ছাত্ৰ-ছাত্ৰীক ২০২২ বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ অনলাইন প-পত্ৰ পুৰণ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও ছেবাই জনায়।

6 views0 comments