শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট





অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি অৰ্থাৎ ৩০ মাৰ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ প্ৰশ্নৰ উত্তৰত শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা দিয়াৰ বাবে ব্যৱস্থা কৰা বুদ্ধ চাৰ্কিটৰ দৰে অসমতো শ্ৰীমন্ত শঙ্কৰদেৱ চাৰ্কিট বা পৰিক্ৰমা বা ভাল শব্দ এটাৰে মহাপুৰুষগৰাকীৰ জন্মৰ পৰা মৃত্যুলৈকে জীৱন পৰিক্ৰমাটোক এটা পৰ্যটন পেকেজত সামৰি লোৱা হ'ব। কেনে হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ চাৰ্কিটৰ ৰূপৰেখা?


শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট। এইটোৱেই নাম হ’ব নে আন কিবা, সেইটো এতিয়াই ন দি ক’ব পৰা হোৱা নাই।কথাবোৰ এতিয়াও এজন ব্যক্তিৰ পৰিকল্পনাৰ পৰিধিতে সীমাবদ্ধ হৈ আছে। তাৰ পৰা বাহিৰ ওলোৱাৰ পিছত কি নাম লাভ কৰে, সেয়া জানিব পৰা হ’ব। কিন্তু ‘শংকৰদেৱ চাৰ্কিট’ত অন্তৰ্নিহিত হৈ আবেদনখিনিৰ পৰা ই বৰ বেছি আঁতৰলৈ গুচি নাযাব, সেইটো কিন্তু ন দি ক’ব পাৰি। বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূৰ্বে অলপ ৰাজনীতিৰ কথা পাতি লওঁ। গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনীতিৰ মূল্য আৰু গুৰুত্ব অপৰিসীম। ৰাজনীতি কৰা লোক অৰ্থাৎ ৰাজনীতিকসকলেই ৰাষ্ট্ৰ পৰিচালনা কৰে। ইয়াৰ বাবে ৰাজনীতিকক ক্ষমতাৰ দৰকাৰ। সৰল অৰ্থত ক’বলৈ গ’লে, ক্ষমতা হৈছে ৰাজনীতিকৰ অন্তহীন সন্ধান। আনহাতে, শাসনৰ বাঘজৰীডাল হাতত পৰাৰ পিছত তাক পিছলি নোযোৱাকৈ গোটেই জীৱনটো ধৰি ৰখাৰ প্ৰচেষ্টাও ৰাজনীতিকৰ এটা ডাঙৰ লক্ষ্য। তেওঁলোকৰ কাম-কাজবোৰো এইটো বৃত্তৰ পৰিধিতে ঘূৰে বা ঘূৰি থাকে। অৱশ্যে ইয়াৰ সৰলীকৰণো শুদ্ধ নহয়। সকলোৱে ক্ষমতাৰ বাবে ৰাজনীতি নকৰে। কিন্তু আজিৰ তাৰিখত তেওঁলোক ব্যতিক্ৰম। এই যে ৰাজনীতিকে কৰা কামবোৰ, তাত কোনোৱে ৰাজনীতিৰ গন্ধ পায়। বিশেষকৈ বিৰোধী শিবিৰে প্ৰথমে সেইবোৰত ৰাজনীতিৰ গন্ধ আছে নে নাই, তাৰ সন্ধান কৰে। অৱশ্যে এইটো অস্বাভাৱিকো নহয়। বিৰোধীকো ক্ষমতা লাগে। এইবোৰৰ মাজতো কিছুমান কাম বা চিন্তা ব্যতিক্ৰম হৈ থিয় দিয়ে। ৰাজনীতিৰ ঊৰ্ধ্বলৈ গুচি যায়।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ অক্টোবৰত শুৱালকুছিত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত প্ৰথমে এই পৰিকল্পনাটোৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছিল। তেওঁ এজন ৰাজনীতিক। এটা ৰাজনৈতিক দলৰ নেতা। তেওঁৰ কাম-কাজ, চিন্তা-ধাৰাত ৰাজনৈতিক দলটোৰ নীতি-আদৰ্শৰ প্ৰতিফলন ঘটাতো স্বাভাৱিক। সেয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ তেওঁ কৰা পৰিকল্পনাটোতো কোনোৱে ৰাজনীতিৰ গন্ধ পাব পাৰে। কোনোবাৰ নাকত তেনে গন্ধ এটা গৈ খুন্দা মাৰিব পাৰে। কিন্তু পৰিকল্পনাটোৱে যদি বাস্তৱ ৰূপ লাভ কৰে, সি অসম তথা অসমীয়া জাতিৰ বাবে এটা মহৎ কাম কৰা হ’ব। অসমৰ জাতীয় জীৱনত ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হৈ পৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজিৰ পৃথিৱীয়ে অধিক ভালদৰে আৰু অৰ্থৱহ ধৰণে বুজিব পাৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত কৈছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মৰ পৰা মৃত্যুলৈকে অসমৰ যি যি ঠাইলৈ গৈছিল বা পদৰেণু পৰিছিল, সেই সকলোবোৰ ঠাই পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰি ‘বৌদ্ধ চাৰ্কিট’ৰ দৰে এটা পৰ্যটন পেকেজসদৃশ ব্যৱস্থা গঢ়ি তোলা হ’ব। যাত্ৰাটো গুৰুজনাৰ জন্মস্থানৰ পৰা আৰম্ভ হৈ মহাপ্ৰয়াণৰ পৱিত্ৰভূমি মধুপুৰত সমাপ্ত কৰা হ’ব। যাত্ৰাপথত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱন পৰিক্ৰমাত বাহৰ পতা অসমৰ প্ৰতিখন ঠাইক স্পৰ্শ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে অনুৰূপ ব্যৱস্থা এটা বৌদ্ধ ধৰ্মক লৈ গঢ়ি তুলিছিল। ‘বৌদ্ধ চাৰ্কিট’ নামেৰে জনাজাত পৰ্যটন ব্যৱস্থাটোত ভাৰতত বৌদ্ধ ধৰ্মৰ সৈতে সম্পৰ্কিত পৱিত্ৰ স্থানসমূহক সামৰি লোৱা হৈছে। ৰে’লৰ সেই যাত্ৰাটো উত্তৰপ্ৰদেশৰ বাৰাণসীৰ পৰা বিহাৰৰ বুদ্ধগয়ালৈ সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিকল্পনাটোৰ ক্ষেত্ৰখন ইয়াতকৈ অধিক বহল আৰু বৈচিত্ৰ্যময় হ’ব। কিয়নো আৱৰ্তটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰায় সমগ্ৰ জীৱন পৰিক্ৰমাটো অন্তৰ্ভুক্ত হৈ থাকিব।

প্ৰশ্ন হয়, শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট নামৰ এই ধাৰণাটোৱে আমাক কি দিব? ইয়াক জানিবলৈ হ’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ জীৱন পৰিক্ৰমাৰ তাৎপৰ্যৰ অনুসন্ধান কৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কি বা কোন, সেইটো অসমৰ জনসাধাৰণক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমেৰিকাৰ ষ্টকহ’ম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উইলিয়াম স্মিথে কৈছিল, ‘মই বিশ্বৰ প্ৰায় সকলো ধৰ্মৰ দৰ্শন আৰু সেই দৰ্শনৰ স্ৰষ্টা ধৰ্মগুৰুসকলৰ জীৱনীও অধ্যয়ন কৰিলোঁ, কিন্তু আচৰিত কথা যে একেবাৰে প্ৰচাৰ নোহোৱা ভাৰতৰ পূবত অৱস্থিত অসমত প্ৰচলিত (এক শৰণ হৰি নাম ধৰ্ম) ধৰ্মটো বিশ্বৰ শ্ৰেষ্ঠ তথা বিজ্ঞানসন্মত ধৰ্ম বুলি মই প্ৰমাণ পালোঁ। এই ধৰ্ম দৰ্শনৰ প্ৰৱৰ্তকজন বিশ্বৰ শ্ৰেষ্ঠ ধৰ্মগুৰু।‘ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাথোঁ ধৰ্মগুৰুৱেই নহয়, তেওঁ এজন সমাজ সংস্কাৰক, কবি, না্ট্যকাৰ, সাহিত্যিক, সুদক্ষ নেতা। সৰ্বগুণাকৰ। বিশ্বৰ এজন শ্ৰেষ্ঠ মানৱ। এই মহাপুৰুষ, যুগনায়কগৰাকীয়ে বিভিন্ন কাৰণত এখন ঠাইৰ পৰা এখন ঠাইলৈ পৰিভ্ৰমণ কৰিবলগীয়া হৈছিল। কেতিয়াবা ৰাজৰোষত পৰি ঠাই এৰিবলগীয়া হৈছিল। কেতিয়াবা ধৰ্ম প্ৰচাৰৰ তাগিদাত, কেতিয়াবা জ্ঞানৰ অন্বেষণত তেওঁ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। তেওঁ য’লৈ গৈছিল, তাতেই সৃষ্টি আৰু কৃতিৰে এখন নতুন পৃথিৱী গঢ়ি থৈ আহিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাত সেইবোৰ বিষয়ে নিশ্চয় স্থান পাইছে। পাটবাউসীত থকা সময়ছোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থায়ীকৈ সত্ৰ স্থাপন কৰি জীৱনৰ বহু গুৰুত্বপূৰ্ণ কাম সমাপন কৰিছিল। তেওঁ কীৰ্তন ঘোষাৰ শেষৰ অংশ তাতেই ৰচনা কৰিছিল। তদুপৰি, পাটবাউসীতে ভাগৱতৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, দশম, একাদশ আৰু দ্বাদশ স্কন্ধৰ ভাঙনিও কৰে। এক কথা ক’বলৈ গ’লে পাটবাউসী আছিল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু কৃতিৰ সৰ্বশ্ৰেষ্ঠ ভূমি। এই পৱিত্ৰ ভূমিতেই মহাপুৰুষজনাই ৰুক্মিণী হৰণ, ভক্তি প্ৰদীপ, নিমি নৱ সিদ্ধ সংবাদ, কালীয় দমন আদি ৰচনা কৰে। তেওঁৰ একমাত্ৰ সংস্কৃত গ্ৰন্থ ‘ভক্তি ৰত্নাকৰ’-ও পাটবাউসীতে ৰচিত। তাত বহি গুৰুজনাই বিভিন্ন ভটিমা, বৰগীতো ৰচনা কৰিছিল। পাটবাউসীতে সৰ্বশ্ৰেষ্ঠ অসমীয়াগৰাকীয়ে মহাপুৰুষ মাধৱদেৱক এখন গ্ৰন্থ ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল। তাৰেই ফচল নামঘোষা। যেতিয়া পৰ্যটক বা ভক্ত এজনে সেই চাৰ্কিটটোৰ অংশ হিচাপে পাটবাউসীত ভৰি দিব, তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই সৃষ্টি আৰু কৃতি প্ৰত্যক্ষ কৰিব পৰাকৈ উপস্থাপনৰ ব্যৱস্থা থাকিব লাগিব। তেতিয়াহে পৰ্যটন ব্যৱস্থাটো সাৰ্থক হ’ব। অসম তথা বাহিৰৰ পৰা অহা লোকেও শ্ৰীমন্ত শংকৰদেৱক ভালদৰে বুজিব পাৰিব। আলিপুখুৰী গাঁৱৰ পৰা আহি শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত থকা সময়ছোৱাত অসমত নাট্য আন্দোলন এটাৰ জন্ম হয়। ‘চিহ্নযাত্ৰা’ ইয়াৰ উৎকৃষ্ট উদাহৰণ। বৰপেটাৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ‘বৃন্দাবনী বস্ত্ৰ’ৰ কাহিনী জড়িত হৈ আছে। বস্ত্ৰখনক বিস্ময় বুলিও ক’ব পাৰি। বৰদোৱাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰৌতালৈ যায় বুলি চৰিতপুথিত উল্লেখ আছে। তাৰ পাছত তেওঁ গাংমৌত বসতি পাতে। গাংমৌত তেওঁ প্ৰায় সাত বছৰ আছিল। গাংমৌত যুগনায়ক শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মমূলক ৰচনাই নতুন গতি লাভ কৰিছিল। তাত তেওঁ কীৰ্তন ঘোষাৰ পাষণ্ড মৰ্দন, অজামিল উপাখ্যান আৰু প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰে। গাংমৌতে শ্ৰীমন্ত শংকৰদেৱে কালজয়ী বৰগীত ‘পাৱে পৰি হৰি, কৰোহো কাতৰি, প্ৰাণ ৰাখবি মোৰ’ ৰচনা কৰে। মহাপুৰুষগৰাকীয়ে প্ৰথম পুত্ৰ ৰামানন্দৰ জন্মৰ বাতৰি পাই আহ্লাদিত হৈ বৰগীতটো ৰচনা কৰিছিল। গাংমৌৰ পৰা তেওঁ মাজুলীৰ ধোঁৱাহাট-বেলগুৰিলৈ যায়। এই পৱিত্ৰভূমিৰ সৈতে অসমীয়া জাতীয় জীৱনৰ এটা উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ ঘটে। তাত শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনঘোষাৰ কেইবাটাও অধ্যায় ৰচনা কৰে। তাৰ পৰা তেওঁ ভটিয়াই কোচ ৰাজ্যত প্ৰৱেশ কৰে। মধুপুৰত সামৰণি পৰা এই যাত্ৰাটোতো মহাপুৰুষগৰাকীয়ে অসমক বহু অমূল্য অৰিহনা যোগাই ধন্য কৰিছে। চূণপোৰা, কুমাৰকুছি, পাটবাউসী, তাঁতিকুছি, বৰ্তমান বঙাইগাঁও জিলাৰ আমগুৰি, ঘৰশিয়া সত্ৰৰ পৱিত্ৰভূমি, ৰামৰায়কুটি আদি পাৰ হৈ তেওঁ বৰ্তমানৰ কোচবিহাৰ জিলাত প্ৰৱেশ কৰে। জিলাখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেইবাখনো সত্ৰ স্থাপন কৰাৰ পিছত মধুপুৰত জীৱনৰ অন্তিম দিনকেইটা কটায়। তেওঁৰ ভটিয়নী যাত্ৰাটো বহু কাহিনী, কৃতি আৰু সৃষ্টিৰে সমৃদ্ধ। সেই প্ৰতিটো স্থানত তেওঁৰ কাম-কাজৰ প্ৰতিফলন ঘটাকৈ উপস্থাপনৰ ব্যৱস্থা থাকিব লাগিব।

লেখাটোৰ মাজতে প্ৰশ্ন এটা কৰি থৈছিলোঁ, শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট নামৰ এই ধাৰণাটোৱে আমাক কি দিব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জনাবলৈ, বুজাবলৈ আৰু জানিবলৈ ই এটা উত্তম ব্যৱস্থা হ’ব। যিয়ে যাত্ৰাটোৰ অংশীদাৰ হ’ব, তেওঁ হৃদয়ত যুগপুৰুষগৰাকীৰ ছবি এখন কঢ়িয়াই লৈ যাব। মহাপুৰুষগৰাকীৰ বিষয়ে অধিক অধ্যয়ন আৰু তথ্য সংগ্ৰহৰ প্ৰতি কৌতুহল কৰি তুলিব। অসমৰ বাহিৰৰ পৰা অহা পৰ্যটকে শ্ৰীমন্ত শংকৰদেৱক অধিক প্ৰাঞ্জলকৈ হৃদয়ত স্থাপন কৰাৰ সুবিধা পাব। অসমত পৰ্যটন উদ্যোগটো সমৃদ্ধিশালী হ’ব। কৰ্মসংস্থাপনৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত হ’ব। বহু অনাদৃত-অৱহেলিত নতুবা অল্পখ্যাত সত্ৰ আৰু স্থানৰ বিষয়ে মানুহ জানিব পাৰিব। যেনে ঘৰশিয়া সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা সত্ৰখনৰ বিষয়ে অসমৰ বেছিভাগ লোক জ্ঞাত নহয়। সত্ৰখন যুগ যুগ ধৰি জংঘলৰ মাজত আবৃত হৈ পৰি আছিল। আনকি দাঁতি কাষৰীয়া লোকেও ইয়াৰ বিষয়ে ভালদৰে জনা নাছিল। ঐতিহাসিক অসম আন্দোলনৰ সৈতে সাঙোৰ খাই থকা প্ৰেমকান্ত মহন্তদেৱে সত্ৰখনক মানুহৰ মাজলৈ উলিয়াই আনিছিল। তাৰ পিছত সত্ৰখনৰ কিছু উন্নতি ঘটে। সেই অঞ্চলটো অতি পিছপৰা। তেনে ঠাইৰ বিকাশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাটোৱে বিশেষভাৱে অৰিহনা যোগাব পাৰে। মুঠতে পৰিকল্পনাটোৰ যোগাত্মক দিশ অনেক। আশা কৰোঁ, অতি সোনকালে ই বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিব।

5 views0 comments