নতুন ভোটাৰক শৃংখলাবদ্ধ ভাৱে ভোটাৰ তালিকাত সোমাবলৈ তৎপৰ ৰাজ্যিক কৰ্তৃপক্ষ





ৰাজ্যৰ ভোটাৰ তালিকাত সকলো যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এটি বিশেষ ভোটাৰ নামাংকন প্ৰক্ৰিয়া ৰ যোজনা বনোৱা হৈছে । অলপতে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া নিটিন খাৰেই একত্ৰিত ড্রাফ্ট ভোটাৰ তালিকাত প্ৰতিগৰাকী যোগ্য ভোটাৰ/নাগৰিকৰ পঞ্জীয়নৰ বাবে বিশেষ সাৰাংশ সংশোধন ২০২২-ৰ চলিত প্ৰক্ৰিয়া অনুসৰি বিশেষ অভিযানৰ ঘোষণা কৰিছে । 'কোনো ভোটাৰ বাকী থাকি নাযায়' শীৰ্ষক আদৰ্শ বাক্যলৈ লক্ষ্য ৰাখি আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে, ৰাজ্য কৰ্তৃপক্ষই সকলো নাগৰিকক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হবলৈ আহ্বান জনাইছে । অসমৰ ১২৬ টা বিধানসভা কেন্দ্ৰৰ বাবে ২০২২ চনৰ ৫ জানুৱাৰী তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি আশা কৰা হৈছে । এই উদ্যোগৰ অধীনত, জিলা নিৰ্বাচন বিষয়াসকলে যোগ্য নাগৰিকসকলৰ সুবিধাৰ বাবে বিশেষ শিবিৰ/কৰ্মশালাৰ আয়োজন কৰিব, যিসকলে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব খোজে । অভিযানৰ সময়ত নাগৰিকসকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ নিজা নিজা ভোটদান কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব লাগিব । এই উদ্যোগৰ অধীনত নাগৰিকসকলে ভোটাৰ তালিকাত পূৰ্বতে অন্তৰ্ভুক্ত নাম এটা গুচাবলৈ আবেদন কৰা, তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰা, যিকোনো প্ৰবেশক শুদ্ধ কৰাৰ বাবে অনুৰোধ কৰা, এক নিৰ্বাচন ক্ষেত্ৰৰ ভিতৰতে এটা ভোটদান কেন্দ্ৰৰ পৰা আন এটালৈ নিজৰ নাম স্থানান্তৰিত কৰা আদি কাম কৰিব পাৰিব । ইয়াৰ বাবে নাগৰিকসকলে নিজৰ পাছপোৰ্ট ফটো, সাধাৰণ বাসিন্দাৰ প্ৰমাণ পত্ৰ আৰু বয়সৰ প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব ।

5 views0 comments