অধ্যয়নে দেখুৱাইছে যে ভাৰতত কোভিড-১৯-ৰ লকডাউনৰ সময়ত ভবাধৰণে নকমিল বায়ু প্ৰদূষণ





পৰিষ্কাৰ আকাশ তথা দৃশ্যমান ধোঁৱাৰ অনুপস্থিতিয়ে প্ৰথম কোভিড-১৯ লকডাউনৰ সময়ত ভাৰতৰ জনতাক কিছু সকাহ দিলেও এক নতুন অধ্যয়নে দেখুৱাইছে যে বায়ু প্ৰদূষণ ভবাধৰণে হ্ৰাস নহল । বৰঞ্চ অ'জন স্তৰ বাঢ়িহে গ'ল যাৰ লগে-লগে স্বাস্থ্যজনিত সমস্যাৰ আশংকাও বাঢ়িল । পৰিলক্ষিত তথ্য অনুসৰি যোৱাবছৰ ২৪ মাৰ্চৰ পৰা ২৪ এপ্ৰিললৈ হোৱা প্ৰথম ৰাষ্ট্ৰীয় লকডাউনত আকাশ পৰিস্কাৰ হৈ উঠিছিল কাৰণ গাড়ীবন্ধ আৰু ফেক্টৰী বন্ধ হৈ থকাৰ বাবে নিৰ্গমন হ্ৰাস পাইছিল । কিন্তু কানাডাৰ য়ৰ্ক বিশ্ববিদ্যালয়ত চলা এক অধ্যয়নমতে ইয়াৰ ফলত বেছিকৈ সূৰ্যৰ ৰশ্মি বায়ুমণ্ডলত সোমাইছিল আৰু অ'জন স্তৰ ৩০ শতাংশ পৰ্যন্ত বাঢ়িল । অধ্যয়নটোৱে জনোৱা অনুসৰি বায়ু প্ৰদূষণ হৈছে নিৰ্গমন, বতাহৰ গতি বা বৰষুণৰ দৰে বায়ু বিজ্ঞান তথা ৰসায়ন বিজ্ঞানৰ এক জটিল মিশ্ৰণৰ ফল । লকডাউনৰ ফলত নিৰ্গমন হ্ৰাস পালেও বায়ু-বিজ্ঞানৰ বিষয়টোক বহুবোৰ অধ্যয়নে অৱজ্ঞা কৰাৰ ফলত বায়ু প্ৰদূষণ প্ৰকৃতাৰ্থত হ্ৰাস নোহোৱা কথাটো স্পষ্ট হোৱা নাছিল । য়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষক লেইহ ক্ৰিলেই কয় যে বায়ু প্ৰদূষণ ৰোধৰ বাবে নিৰ্গমনৰ লগতে বায়ুবিজ্ঞান আৰু বায়ুমণ্ডলীয় ৰসায়নকো একেসমান গুৰুত্ব দিব লাগিব । 'Environmental Science: Processes & Impacts' শীৰ্ষক জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নটোৰ মতে গাড়ী-মটৰ বা তেল জ্বলোৱাৰ ফলত হোৱা নিৰ্গমনবোৰৰ তুলনাত বহু বেছিকৈ বায়ু প্ৰদূষিত হয় গ্ৰামীণ অথবা কৃষিগত নিৰ্গমনবোৰৰ পৰা ।

4 views0 comments