হঠাতে অত্যধিক হাৰত শুকাইছে লুইতৰ বুকু : উৎসতে ভেটিলে নেকি চীনে?



বগীবিল দলঙৰ তলৰ দৃশ্য দেখি স্তম্ভিত হৈছে পৰ্যটক। চিৰপ্ৰবাহিত লুইতৰ বুকু যেন। শুকাই গৈছে পানী। বালিময় হৈ পৰিছে চৌদিশ। দৃশ্যটো অকল বগীবিলৰ তলৰেই নহয়। উজনিৰ দিশে অভূতপূৰ্ব ৰূপত হ্ৰাস পাইছে লুইতৰ পানী। ইয়াকে লৈ চিন্তিত হৈ পৰিছে ডিব্ৰুগড় আৰু লখিমপুৰবাসী৷


বিগত সপ্তাহৰ ভিতৰত হঠাতে হ্ৰাস পাইছে জলপৃষ্ঠ। বগীবিল দলঙৰ ওপৰৰ পৰা চালে কেৱল দেখা যায় বালি আৰু বালি। চীনৰ দুস্কাৰ্যৰ বাবে লুইতে ছন্দ হেৰুৱাইছে নেকি? বৰ্তমান সৰ্বাধিক চৰ্চাত আছে এই প্ৰশ্নটো। পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ বুকু শুকাই যোৱা দেখি চীন দেশে নদীবান্ধ নিৰ্মাণ কৰা বুলি অনুমান কৰিছে। চীনে মহাবাহু ব্ৰক্ষ্মপুত্ৰ-চিয়াঙৰ মূল উৎস চাংপো বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ ফলত অস্বাভাৱিক হাৰত শুকাইছে নেকি? প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে নদীৰ জলপৃষ্ঠ শুকাই মৰিব নেকি ব্ৰহ্মপুত্ৰ নদীৰ নৈপৰীয়া সভ্যতা।

7 views0 comments