মণিপুৰত অসম সন্তান সুমন স্বৰ্গীয়াৰী ছহিদ




মণিপুৰৰ চুৰাচান্দপুৰ জিলাত শনিবাৰে সংঘটিত সন্ত্ৰাসবাদীৰ এম্বুশত নিহত সাতজনৰ ভিতৰত অসমৰ সন্তান এজনো আছে। বীৰ ছহিদজনৰ নাম সুমন স্বৰ্গীয়াৰী। ঘৰ- বাক্সা জিলাৰ থৈকাৰাকুছিত।


সুমনে প্ৰায় ৮বঠছৰৰ পূৰ্বে আছাম ৰাইফলছত যোগদান কৰিছিল।

সুমন স্বৰ্গীয়াৰী পিতৃও কনক স্বৰ্গীয়াৰীকো হত্যা কৰিছিল উগ্ৰপন্থীয়ে।সুমন স্বৰ্গীয়াৰীয়ে সংসাৰত এৰি থৈ গৈছে বৃদ্ধা মাতৃ, পত্নী আৰু দুবছৰীয়া লৰা সন্তানক। ইফালে, ঘটনাৰ বাতৰি পাই স্বৰ্গীয়াৰীৰ পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে।


উল্লেখ্য যে ভয়ংকৰ এম্বুশটোত সেনাৰ এজন কৰ্নেল পত্নী আৰু পুত্ৰৰ সৈতে নিহত হয়।

17 views0 comments