বিশ্বক কন্দুৱাই জীৱন নাট সামৰিলে সুৰসম্ৰাজ্ঞী-ভাৰত ৰত্ন লতা মংগেশকাৰে




কাল কৰোনাই পৃথিৱীৰ পৰা আৰু এটা মূল্যৱান আঁজুৰি লৈ গ'ল। সুৰসম্ৰাজ্ঞী, ভাৰতৰ নাইটিংগেল, কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক লৈ গুচি গ'ল। আজি পুৱা আহিল অকল্পনীয়, অভাবনীয়, অপ্ৰত্যাশিত খবৰটো। মুম্বাইৰ ব্ৰিচ কেণ্ডী হাস্পতালত তেওঁ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মানৱ সভ্যতাৰ অমূল্য সম্পদটোক শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা বাবে কালি দ্বিতীয়বাৰ ভেণ্টিলেচনত ভৰ্তি কৰোৱা হৈছিল। কোনেও ভবা নাছিল, আচলতে ভবাৰ অৱকাশো নাছিল। লতা মংগেশকাৰে মানুহৰ মাজত এনেদৰেই শিপাই আছিল। তেওঁৰো এদিন মৃত্যু হ'ব, কথাটো কাৰোৱেই মনলৈ নাহে। কিন্তু সেয়াই হ'ল, সুৰসম্ৰাজ্ঞী লতা মংগেশকাৰ আৰু নাই।


কিংবদন্তি শিল্পীগৰাকী কৰোনাত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছিল। তেওঁৰ স্বাস্থ্য পৰীক্ষাত নিউমোনিয়াও ধৰা পৰিছিল। কিন্তু দুয়োটা ৰোগক পৰাজিত কৰিছিল। কিন্তু নিয়তিৰ ইচ্ছা আছিস সুকীয়া। আজি পুৱা ৯২ বছৰীয়া শিল্পীগৰাকীয়ে জীৱন নাট সামৰিলে।



উল্লেখ্য যে বিগত ৮ জানুৱাৰীত লতা মংগেশকাৰ কৰোনাত আক্রান্ত হোৱা বুলি পোহৰলৈ আহে। পিছত জানিব পৰা যায় যে তেওঁ নিউমোনিয়াতো আক্রান্ত। কৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছৰে পৰা তেওঁ বিচ কেণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছিল। মাজতে শাৰীৰিক অৱস্থাৰ উন্নতি হোৱাত ভেন্টিলেচনৰ পৰা উলিয়াই অনা হৈছিল। শনিবাৰে পুনৰ ভেণ্টিলেচনত ভৰ্তি কৰা হয়। তাৰ পিছত চিকিৎসকৰ সকলো প্ৰয়াস বিফল হৈ পৰে।



১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত মধ্যপ্রদেশৰ ইন্দোৰৰ এটা সংগীত পৰিয়ালত জন্ম হয় লতা মংগেশকাৰৰ। পিতৃ পণ্ডিত দীননাথ মংগেশকাৰ আছিল মাৰাঠী সংগীত জগতৰ সুবিখ্যাত ধ্রুপদী গায়ক। পিতৃৰ পৰাই সংগীতৰ প্ৰথম শিক্ষা লৈছিল। লতাজীয়ে মাত্র ১৩ বছৰ বয়সত এখন চিনেমাৰ বাবে প্রথমবাৰ গান ৰেকর্ড কৰিছিল। কিন্তু গীতটো পৰৱর্তী সময়ত চিনেমাখনৰ পৰা বাদ দিয়া হয়। তেওঁ ১৯৪৫ চনত মুম্বাইলৈ আহে। তাৰ পিছত তেওঁ উভতি চাবলগীয়া হোৱা নাই। তাত ওস্তাদ আমান আলী খানৰ ওচৰত ধ্রুপদী সংগীতৰ শিক্ষা লয়। পৰৱৰ্তী বছত হিন্দি চিনেমাৰ বাবে এটা গীতত কণ্ঠ দিয়ে। ইয়াৰ পিছত বাঙালী প্রযোজক শশধৰ মুখাৰ্জীৰ সৈতে পৰিচয় হয় লতা মংগেশকাৰৰ। তেওঁৰ ‘শ্বহীদ’-ত গীত গোৱাৰ সুযোগ পায়। কিন্তু গীত পছন্দ নহ'ল। ১৯৪৮ চনত ‘মজবুৰ’ চিনেমাত লতা মংগেশকাৰে প্রথম বৃহৎ ব্রেক লাভ কৰে। নেপথ্য সংগীত পৰিচালক গুলাম হায়দাৰক লতা মংগেশকাৰে গডফাডাৰ হিচাপে গণ্য কৰিছিল। হায়দৰে তেওঁৰ মেধাৰ ওপৰত পূর্ণ আস্থা ৰাখাছিল।



১৯৫০ চনৰ পৰা দশক দশক ধৰি ‘কোকিলকণ্ঠী’ৰ গীতে বিশ্বৰ অগণিত লোকক মুগ্ধ কৰি আহিছে। আয়েগা আনেৱালা, প্যাৰ কিয়া তো ডৰনা ক্যা, আল্লা তেৰো নাম, কঁহি দীপ জ্বলে। – ষাঠি আৰু সত্তৰৰ দশকত এই গীতবোৰে জনপ্রিয়তাৰ শিখৰ চুইছিল। বহু বিখ্যাত সংগীত পৰিচালকৰ সৈতে কাজ কৰিছে সুৰসম্রাজ্ঞীয়ে। আনকি বর্তমান প্রজন্মৰ সংগীত পৰিচালকৰ সৈতেও সমানেই একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰিছে। স্বনামধন্য সংগীত পৰিচালক এ আৰ ৰহমানে নব্বৈৰ দশকত ‘দিল চে’ চিনেমাত তেওঁ কণ্ঠদান কৰিছিল। ‘জিয়া জ্বলে’ গীতটোত আজিও একক আৰু অদ্বিতীয় লতা মংগেশকাৰ।

 



জীৱনজুৰি মনপ্রাণ দি সুৰসাধন কৰি অহা লতা মংগেশকাৰে বহু বঁটাও লাভ কৰিছে। তেওঁৰ হাতলৈ আহিছে চিনে এৱাৰ্ড অৱ লাইফটাইম এচিভমেন্ট। তেওঁ জীৱন পৰিক্ৰমাত পদ্মভূষণ, পদ্মবিভূষণ, দাদাসাহেব ফালকে, ফিল্মফেয়াৰ লাইফটাইম এচিভমেন্ট, ভাৰত ৰত্নসহ বহু সম্মান লাভ কৰিছে।

3 views0 comments