অসমীয়াবিৰোধীৰ ওচৰত আত্মসমৰ্পণ প্ৰশাসনৰ : আঁতৰিল অসমীয়া ভাষাৰ হ'ৰ্ডিং




বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্ট নামৰ তথাকথিত সংগঠন এটাৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ৰ এটা ধমকত প্ৰশাসনে আঁতৰালে অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন এখন। বিজ্ঞাপনখনৰ আঁৰ লৈ প্ৰদীপ দত্ত ৰয়ে বৰাকৰ পৰা অসমীয়া ভাষাত লিখা সকলো হ'ৰ্ডিং, বেনাৰ, পোষ্টাৰ আদি ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাবলৈ সকীয়নি দি অসমীয়া ভাষা আৰু অসমীয়াৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল। প্ৰদীপ দত্ত ৰয়ৰ সকীয়নিৰ ২৪ ঘণ্টা নৌহওঁতেই প্ৰশাসনে আত্মসমৰ্পণ কৰি হ'ৰ্ডিংখন আঁতৰায়।



উল্লেখ্য যে ক'ভিড-১৯ৰ সজাগতা সৃষ্টিৰ বাবে শিলচৰত জিলা প্ৰশাসনে অসমীয়া ভাষাত লিখা হ'ৰ্ডি এখন আঁৰিছিল। অসমীয়া ভাষাত লিখা বাবে হৰ্ডিংখন আঁতৰাবলৈ বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ে জিলা প্ৰশাসনক ৪৮ ঘণ্টা সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। ২৪ ঘণ্টাৰ ভিতৰতে হ'ৰ্ডিংখন আঁতৰাবলৈ প্ৰদীপ দত্ত ৰয়ৰ ওচৰত আত্মসমৰ্পণ কৰে জিলা প্ৰশাসনে।

3 views0 comments