নাগালেণ্ডৰ মন জিলাত উগ্ৰপন্থীৰ সন্দেহত নিৰীহক হত্যা : সেনাক গঞাৰ আক্ৰমণ : ঘটনাপ্ৰৱাহত ১২৫জন নিহত



নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৱৰ্তী মন জিলাত শনিবাৰে সন্ধিয়া সেনাৰ ভুল তথ্যৰ বলি হৈ কেইবাজনো নিৰীহ নগা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ঘটনাটোৱে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো ভুল তথ্যৰ বাবে সংঘটিত হোৱা বুলি সেনাৰ তৃতীয় ক’ৰে স্বীকাৰ কৰি নিৰীহ লোকৰ মৃত্যু শোক প্ৰকাশ কৰিছে। লগতে ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে। আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ঘটনাটো বিশেষ তদন্তকাৰী দলৰ জৰিয়তে তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই ঘটনাটোত নিহত নিৰীহ পৰিয়ালক ন্যায় দিয়া হ’ব বুলি ঘোষণা কৰিছে।

বিশ্ব প্ৰসিদ্ধ হৰ্নবিল উৎসৱ চলি থকাৰ মাজতে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ ম’ন জিলাত শনিবাৰে সন্ধিয়া ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ১২ গৰাকীৰ গাঁওবাসী নিহত হোৱা ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ নাগালেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

কি ঘটিছিল মন জিলাত?

মন জিলাৰ ম্যানমাৰ সীমান্তৰ তিৰু গাঁৱত শনিবাৰে সন্ধিয়া সন্ত্ৰাসবাদীক দমনৰ অৰ্থে সেনাৰ এটা দল খাপ পিটি আছিল। সেনাই সীমান্তৱৰ্তী অঞ্চলটোৰে উগ্ৰপন্থীৰ দল এটাৰ আগমন ঘটিব বুলি লাভ কৰা তথ্যৰ ভিত্তিত খাপ পিটি আছিল বুলি নাগালেণ্ড আৰক্ষীৰ সূত্ৰ এটাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনায়। কিন্তু সেনাই লাভ কৰা তথ্য ভুল আছিল। সীমান্তৱৰ্তী অটিং গাঁৱৰ যুৱক দল এটাই দৈনন্দিন কাম-কাম সামৰি এখন পিকআপ বাহনত ঘৰলৈ উভতি আহিছিল। খাপ পিটি থকা সেনাই যুৱকৰ দলটোকে উগ্ৰপন্থী বুলি গণ্য কৰি নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। সেনাৰ গুলীত ৬জন যুৱকৰ প্ৰাণহানি ঘটে। ইফালে, তিৰু গাঁৱৰ পৰা যুৱকৰ দলটো বহু সময় উভতি নহা দেখি অতিং গাঁৱৰ এদল লোকে তেওঁলোকক বিচাৰি যায়। ঘটনাটো প্ৰত্যক্ষ কৰি উত্তেজিত সেনাক চাৰিওফালৰ পৰা ঘেৰাও কৰি আক্ৰমণ কৰিবলৈ লয়। উত্তেজিত গঞাই সেনাৰ তিনিখন বাহনত অগ্নিসংযোগ কৰে। মুহূৰ্ততে পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে। উত্তেজিত জনতাক নিয়ত্ৰণ কৰিবলৈ সেনাই গুলীচালনা কৰাত কমেও সাতজন গঞা নিহত হয়। কেইবাজনো লোক আহত হয়। গঞাৰ মতে, সেনাৰ গুলীত নিহত আৰু আহত বহু লোক নিখোজ হৈ আছে। ইফালে, জনতাৰ আক্ৰমণত সেনাৰো এজন লোক নিহত হয়। আহত হয় কমেও আঠজন লোক। আহতসকলক দিনজান সেনা চাউনিৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাটোক লৈ সীমান্তৱৰ্তী জিলাখনৰ লগতে সমগ্ৰ নাগালেণ্ডত তীব্ৰ ক্ষোভ আৰু উত্তেজনাৰ সৃষ্টি হয়।

11 views0 comments