জুবিনক লগ ধৰিম বুলি ওলাই যোৱা টংলাৰ যুৱকজনক নাগালেণ্ডত গ্ৰেপ্তাৰ : কিয়?




আলফা (স্বাধীন)ত যোগদানৰ প্ৰবণতা শেহতীয়াকৈ অসমত লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। টংলাৰ এজন যুৱকে গুৱাহাটীলৈ গৈ জুবিন গাৰ্গক সাক্ষাৎ কৰিব বুলি ঘৰৰ লোকক ফাঁকি দি নাগালেণ্ডৰ মন জিলা পায়গৈ। যুৱকজনৰ লক্ষ্য আছিল আলফাৰ ম্যানমাৰস্থিত শিবিৰ। কিন্তু মন জিলাতে আছাম ৰাইফলছে আন দুজন সতীৰ্থৰ সৈতে টংলাৰ যুৱকজনকো আটক কৰে।



যুৱকজনৰ নাম বিকাশ ডেকা। তেওঁ জুবিন গাৰ্গ লগ ধৰিবলৈ বুলি যোৱা মঙলবাৰে ঘৰৰ পৰা ওলাইছিল। তৈৰ পিছত ঘৰৰ সৈতে কোনো যোগাযোগ নাছিল। উল্লেখ্য যে সৰুৰে পৰা সংগীতৰ চৰ্চা কৰি অহা বিকাশ ডেকাই নাট্যকৰ্মী পৱিত্ৰ ৰাভাৰ 'আমাৰ গাঁও'ত জুবিন গাৰ্গক লগ পাইছিল।পৰিয়ালৰ লোকে জনোৱা মতে, মাজে মাজে জুবিন গাৰ্গক লগ কৰিবলৈ গৈছিল বিকাশ। আনহাতে বিগত এবছৰ ধৰি গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত হৈ আছিল তেওঁ আৰু সেইদিনাও জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত মিছা কথা কৈ আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল।

7 views0 comments